নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযোগৰ ২৪ ঘণ্টাৰ পিছত আঁতৰাব লাগিব আপত্তিকৰ পোষ্টঃ আহিল ছ’চিয়েল মিডিয়াৰ গাইডলাইন

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে ott, নিউজ পৰ্টেল আৰু ছ’চিয়েল মিডিয়াৰ বাবে নিৰ্দেশনা ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু প্ৰকাশ জাভড়েকাৰে নিৰ্দেশনাবোৰৰ বিষয়ে অৱগত কৰে।

ৰবিশংকৰ প্ৰসাদে কয় যে ভাৰতত ব্যৱসায় কৰিবলৈ সামাজিক মাধ্যমক স্বাগতম জনাইছিলো, কিন্তু ছ’চিয়েল মিডিয়া যিধৰণে ব্যৱহাৰ কৰা হ’ল, ইয়াক কোনোপ্ৰকাৰে সভ্য বুলি ক’ব নোৱাৰি, এনে অভিযোগ আমাৰ ওচৰলৈ আহিছিল।

মন্ত্ৰী ৰবিশংকৰে কয় যে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ সমস্যাৰ বাবে এখন মঞ্চ থাকিব লাগে। ঘৃণা বিয়পাবলৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰা হৈছে। ছ’চিয়েল মিডিয়া সন্ত্ৰাসবাদীৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছে। বহু বছৰ ধৰি ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰৰ অভিযোগ আহিছে। লগতে  বাতৰি চেনেলে ভুৱা নিউজ পৰীক্ষা কৰিবলৈ ফেক্ট চেক চেল গঠন কৰিব লাগিব।

ছচিয়েল মিডিয়াৰ বাবে নতুন নিয়মঃ

1. নতুন নিৰ্দেশনা অনুসৰি সামাজিক মাধ্যমসমূহে এটা অভিযোগ কোষ সৃষ্টি কৰিব লাগিব।

2. যিকোনো কনটেন্ট আঁতৰাই দিয়াৰ আগতে এটা কাৰণ দিয়া প্ৰয়োজন।

3. অভিযোগ কৰাৰ পিছত আপত্তিজনক পোষ্টবোৰ 24 ঘণ্টাৰ ভিতৰত আঁতৰ কৰিব লাগিব।

4. ছ’চিয়েল মিডিয়াৰ নিয়মবোৰ তিনি মাহৰ ভিতৰত কাৰ্যকৰী হ’ব।

5. মুখ্য অভিযোগকাৰী বিষয়া নিযুক্তি দিব লাগিব , যি নিয়মবোৰ পালন কৰাৰ বাবে দায়বদ্ধ হ’ব।

6. এটা নডেল বিষয়া নিয়োগ কৰিব লাগিব, যি 24X7 আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ সৈতে সংযুক্ত থাকিব লাগিব।

7. এই দুজন নিযুক্ত বিষয়া ভাৰতত বাস কৰিব।

8. প্ৰথমতে পোষ্ট দিয়াজনৰ তথ্য প্ৰদান কৰিব লাগিব।

OTT-ৰ বাবে নতুন নিৰ্দেশনা
সামাজিক মাধ্যমৰ লগতে OTT প্লেটফৰ্মৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে নিৰ্দেশনা জাৰি কৰি কয় যে সংবাদ মাধ্যমৰ প্ৰতিটো মঞ্চৰ বাবে নিয়ম প্ৰয়োজনীয়। তেওঁ কৈছিল যে OTT প্লেটফৰ্মৰ সংবাদ মাধ্যমৰ দৰে এক স্ব-নিয়ন্ত্ৰণ সৃষ্টি কৰিবলৈ কোৱা হৈছিল, কিন্তু তেওঁলোকে এনে কাম নকৰিলে।
1. দৰ্শকৰ বয়স অনুসৰি কনন্টেত সৃষ্টি কৰা হ’ব।

2. সৃষ্টি কৰিব লাগিব OTT সমলৰ পাঁচটা শ্ৰেণী।

3. U, U/A হ’ব 7+, U/A 13+, U/A 16+, আৰু A শ্ৰেণী।

4. ডিজিটেল প্লেটফৰ্মত Parental Lock লক প্ৰদান কৰিব লাগিব

5. ott প্লেটফৰ্মবোৰে স্ব-নিয়ন্ত্ৰণ সংস্থা সৃষ্টি কৰিব লাগিব।

6. ভুৱা বিষয় অন্তৰ্ভুক্ত কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব।

You might also like