গোলাঘাটত বিধ্বংসী অগ্নিকাণ্ড; জাহ গ’ল বহু লক্ষাধিক টকাৰ সামগ্ৰী
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ গোলাঘাট নগৰৰ পৌৰসভাৰ অধীনৰ পুৰণা জেইল মাৰ্কেটৰ পৌৰবজাৰ ২ পাছলি বজাৰত যোৱা নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । পৌৰ বজাৰ ২ ওপৰ মহলাৰ ৭ টাকৈ কাপোৰৰ গুদামত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে । কাপোৰৰ গুদামটোত প্ৰায় তিনি জন ব্যৱসায়ীৰ কাপোৰ আছিল বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত গুদাম কেইটাত মজুত ৰখা বহু লক্ষাধিক টকাৰ কাপোৰ অগ্নিত ভস্মীভুত হয়।
সমগ্ৰ বজাৰ খনলৈ জুই সম্প্ৰসাৰিত হোৱাৰ পৰা গোলাঘাট , দেৰগাঁও , মেৰাপানীৰ অগ্নি নিৰ্বাপক বাহিনীৰ ৪ খন গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰে । ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল সমগ্ৰ বজাৰখন । অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানৰ লৈকে জানিব পৰা হোৱা নাই যদিও এই অগ্নি কাণ্ডত ৰহস্য থকাৰো সন্দেহ কৰিছে ৰাইজে । এটা বছৰৰ পূৰ্বে একেটা স্থানত একেটা গুদামতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । হয়তো বীমা কৰি ৰখাৰ বাবেই বীমাৰ ধন সৰকোৱাৰ লক্ষ্যৰে এনে ভয়ংকৰ কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজৰ লগতে সচেতন মহলে ।