নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব গোৱালপাৰাৰ সুতাৰপাৰাত অগ্নিকাণ্ড কেইবালাখ টকাৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ পূব গোৱালপাৰাৰ সুতাৰপাৰা আঞ্চলিক বজাৰত যোৱানিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। বজাৰখনৰ ত্ৰিনয়নী মা জুৱেলাৰী আৰু দুটাকৈ ধানৰ গুদামত নিশা আনুমানিক দুই বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত জুৱেলাৰী দোকান খনৰ বিভিন্ন আজবাব পাতি ভস্মীভূত হয় আনহাতে দুটাকৈ ধানৰ গুদামৰ কেইবাশ কুইণ্টল ধান জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত ঘৰৰ বিশেষ ক্ষয় ক্ষতি হোৱা নাই যদিও ওপৰৰ কিছু টিনপাত জুয়ে পোৰে। জানিব পৰা মতে নিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত জুৱেলাৰী দোকানখনৰ প্ৰায় ৩০-৩৫ হাজাৰ টকাৰ ক্ষয় ক্ষতি হোৱাৰ লগতে ধানৰ গুদামৰ আনুমানিক সাত লাখ টকাৰ ধান জুইত জাহ যায় আৰু নষ্ট হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰেই মাটিযা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like