লাহৰীঘাটৰ তিনিচুকীয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তিনিচুকীয়া দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। তিনিচুকীয়া দৈনিক বজাৰত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত কেবালক্ষাধিক টকাৰ ক্ষয়ক্ষতি হয়। এই অগ্নিকাণ্ডত বজাৰখনৰ দুখনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। লগে লগে স্হানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় আৰু অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে। অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা নাই।
প্ৰেৰক আবুল কালাম