স্বাধীনতাৰ ৭৪ বছৰ পিছত ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ হ’ল স্বাস্থ্যকেন্দ্ৰ
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ স্বাধীনতাৰ ৭৪ বছৰৰ পিছত গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহবাগিচাত নিৰ্মাণ হ’ল স্বাস্থ্যকেন্দ্ৰ। প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাণস্থলীত নিৰ্মাণ হোৱা ১০ খন বিছনাযুক্ত এই স্বাস্থ্যকেন্দ্ৰত শিশুসেৱাৰ বাবেও আছে এক বিশেষ ইউনিট। লগতে চিকিৎসক আৰু নাৰ্ছ থাকিব পৰাকৈ নিৰ্মাণ কৰা হৈছে আবাস গৃহ।
ইপিনে এই হাস্পতালখন পৰিদৰ্শন কৰি স্থানীয় বিধায়ক উৎপল বৰাই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয়, “স্বাধীনতাৰ পাছত বহু চৰকাৰ আহিল আৰু গ’ল কিন্তু আমাৰ ভোলাগুৰি চাহবাগিচাখন অৱহেলিত হৈ আছিল। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আমাৰ অনুৰোধ ৰক্ষা কৰি ভোলাগুৰিত এখন হাস্পতাল দিলে। যাৰবাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই হাস্পতালখনে আগন্তুক দিনত এই পিছপৰা অঞ্চলটোৰ স্বাস্থ্য ব্যৱস্থাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”
উল্লেখ্য যে দীৰ্ঘ বছৰ অপেক্ষাৰ অন্তত অসমৰ স্বাস্থ্য বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে চিকিৎসালয়খন৷ এই ঐতিহ্যমণ্ডিত চাহবাগিচাখনৰ লোকসকলে পূৰ্বৰ চৰকাৰসমূহৰ দিনত বঞ্চিত হৈ আছিল স্বাস্থ্যসেৱাৰ পৰা। ইয়াৰ বাবে ভুক্তভোগী লোকসকলে ১৫ কিলোমিটাৰ বাটকুৰি বাই যাব লগা হৈছিল গহপুৰ অসামৰিক চিকিৎসালয়লৈ। অত্যন্ত দুৰ্গম পথ অতিক্ৰম কৰি গহপুৰ নগৰলৈ ঢপলিয়াই যোৱা বহু ৰোগীৰ আদবাটতে মৃত্যুও ঘটিছিল।