নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই কোনো মূর্তি ৰাজনীতিক বিশ্বাস নকৰোঁঃ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ

আছু ত্যাগ কৰি অসম জাতীয় পৰিষদৰ সভাপতিৰ দৰে গুৰু দায়িত্ব গ্রহণ কৰি অসমৰ জাতি–মাটি আৰু ভেটি সুৰক্ষাৰ ক্ষেত্রত আপোনাৰ ভূমিকা কেনে ধৰণৰ হ’ব?
অসমৰ জাতীয় জীৱনৰ ভৱিষ্যৎ হৈছে আমাৰ মূল কথা৷ মাটি–ভেটিৰ ক্ষেত্রত বিগত সময়ছোৱাত চৰকাৰে ৰক্ষা কৰিম বুলি বিদেশীক দিবলৈহে টঙালি বান্ধিছে৷ আমাৰ অসমত অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব লাগিব৷ এয়া আমাৰ প্রধান বা মূল কথা৷ আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ’ব লাগে, সামাজিক ভৱিষ্যৎ সুৰক্ষিত হ’ব লাগে৷ আমাৰ সকলো ভাষা, কৃষ্টি–সংস্কৃতি– এইবোৰ যাতে হেৰুওৱাৰ উপক্রম নহয়, সুৰক্ষিত হৈ থাকে, তাৰ বাবে আমি আমাৰ যাত্রা আৰম্ভ কৰিছোঁ৷ এই দলটোৰ মূল লক্ষ্য হ’ল– অসম আৰু অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত–নিশ্চিত কৰা, অসমৰ জনগণৰ সকলো সংকট নাইকিয়া কৰা আৰু এক উন্নয়নৰ যাত্রাত অসমৰ জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাটোৱেই হ’ব প্রধান দায়িত্ব৷
অসম আৰু অসমীয়াৰ আৱেগ, চিন্তাধাৰা তথা মৌলিক সমস্যাবিলাক সমাধান কৰাত কিমান সফল হ’ব পাৰিব বুলি আশা কৰে?
অসমৰ মৌলিক আৰু জাতীয় সমস্যাক লৈ আমাৰ দলটো অগ্রসৰ হ’ব৷ আগন্তুক দিনত যদি আমাৰ দলৰ চৰকাৰ আহে, তেন্তে মূল কর্মসূচীবোৰ ৰূপায়ণ হ’ব৷ মৌলিক সমস্যা মানে মানুহৰ খোৱা–বোৱা, জীৱন–ধাৰণ কৰা, শিক্ষাৰ সমস্যা৷ তাৰ উপৰি আন আন যিবোৰ সমস্যা, যেনে– সংস্থাপনহীনতা, স্বাস্থ্য, যোগাযোগ– এইবোৰ যি মৌলিক বিষয় আছে এইবোৰ বিষয়ত যেতিয়া উন্নয়ন নহ’ব, ৰাইজে ন্যায় আৰু নিৰাপত্তা নাপাব, তেতিয়ালৈ এটা জাতিৰ বা সমাজৰ কেতিয়াও উত্তৰণ সম্ভৱ নহয়৷ মৌলিক বিষয়সমূহৰ প্রথমে সমাধানৰ বাট উলিয়াব লাগিব৷ অসমৰ নিজা সম্পদ থকাৰ পিছতো আমি অর্থনৈতিভাৱে দুখীয়া হৈ আছেছা৷ সম্পদৰ ব্যৱহাৰ, সমবিতৰণ আৰু অধিকাৰৰ লগতে আন আন বিষয়ত, যেনে– অসমৰ পৰা ধনৰ বহির্গমন হৈছে, এইবোৰ নিয়ন্ত্রণ কৰা আৰু তাত যাতে নিজে উৎপাদনশীল চৰিত্রটো অসমৰ মানুহৰ মাজত গঢ়ি তুলি, জাতীয় পুঁজিৰ বহির্গমন ৰোধ আৰু উৎপাদনশীল চৰিত্রটোক অধিক ৰূপত কার্যক্ষম কৰি ৰাজ্যখনক ধনী ৰাজ্য হিচাপে প্রতিষ্ঠা কৰাই মূল লক্ষ্য হ’ব৷
‘কা’ আন্দোলনৰ সময়ত অসমত এশৰো অধিক সংগঠন থকাটো পৰিলক্ষিত হৈছে৷ এনে ক্ষেত্রত অসমৰ সর্বাংগীণ উন্নয়নৰ স্বার্থত সকলো একত্রিত হৈ একেখন মঞ্চৰ পৰা এটা বৃহৎ ৰাজনৈতিক দল গঠন কৰি অসমীয়া জাতিৰ সুৰক্ষাৰ ক্ষেত্রত মাত মতাৰ অৱকাশ আছিল৷ কিন্তু সৰহসংখ্যক ‘কা’বিৰোধী নেতা বা সদস্যই বর্তমানে বিজেপি, কংগ্রেছকে আদি কৰি বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে৷ এনে কাৰণতে ‘কা’ আন্দোলন স্তিমিত হৈ পৰিছে নেকি?
সুবিধাবাদ আৰু প্রলোভনৰ ৰাজনীতিয়ে মানুহক সহজতে আকর্ষণ কৰে৷ আক্রান্ত হয়, ভোল যায় বহু মানুহ৷ সেয়ে বহু মানুহে নিজৰ যাত্রা পথত কক্ষচ্যুত, পথচ্যুত বা লক্ষ্যচ্যুত হৈছে৷ কিন্তু জাতীয় সংকটৰ কথা কৈ থকা মানুহে জাতীয় সংকট নিৰাময় কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ সেয়ে আমাৰ জাতীয় জীৱনৰ কোনটো পথ আছে, সেইটো ঠিক কৰি লোৱা প্রয়োজন৷ সেই কাৰণে আমি বিচাৰিছোঁ যে সকলোকে একত্রিতভাৱে আগবঢ়াই লৈ গৈ জাতীয় সংকট নাইকিয়া কৰি কেনেকৈ এক নতুন দিগন্তৰ সন্ধান দিব পাৰি, তাৰ চিন্তাৰে আমি আগবাঢ়িব লাগিব৷ মই ভাবোঁ যে ‘কা’বিৰোধী গণ আন্দোলনৰ প্রাসংগিকতা আছে আৰু জাতীয় অনুষ্ঠানসমূহে এতিয়াও সেইসমূহ আগবঢ়াই লৈ যোৱাটো প্রয়োজন৷ সুবিধাবাদী ৰাজনীতি আৰু প্রলোভনৰ পাকচক্রত বা চাকনৈয়াত পৰি জাতীয় সংকটৰ সময়ত, এনে এক জটিল সন্ধিক্ষণত কোনোৱে যাতে সুবিধাজনক স্থিতি গ্রহণ নকৰে, তাৰ বাবে সকলোৰে প্রতি মোৰ আহ্বান আছে৷ সকলোৱে ইয়াক প্রত্যাহ্বান হিচাপে লৈ জাতিৰ সংকটত যুঁজ দিয়াৰ সময় হিচাপে দায়িত্বসহকাৰে গ্রহণ কৰি ‘কা’ৰ বিৰুদ্ধে শক্তিশালী ৰূপত মাত মাতিব লাগে৷ ৰাজ্যখনৰ সকলো জাতীয় তথা জনগোষ্ঠীয় দল– সংগঠনৰ এই ক্ষেত্রত মূল ভূমিকা হোৱা উচিত৷ চৰকাৰৰ মায়াজাল আৰু সুবিধাবাদৰ ৰাজনীতিৰ পাকচক্রত নপৰিবলৈকো সকলো জাতীয় সংগঠনৰ লোকক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছেছা৷
তেনেহ’লে আমি এইটোৱেই বুজিম নেকি যে ৰাজনৈতিক ক্ষমতা বা ব্যক্তিস্বার্থ সিদ্ধিৰ বাবেই ‘কা’ আন্দোলনকাৰীসকলে বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে?
চাওক, গণ আন্দোলনটোৰ এটা লক্ষ্য আছে৷ ব্যক্তিবিশেষে কিছু কিছু লোকৰ সুবিধাবাদী চৰিত্র আছে৷ কিন্তু জাতিৰ স্বার্থটো প্রথম৷ জাতিৰ স্বার্থ, সমাজৰ স্বার্থ, ভাষা–সংস্কৃতি–কৃষ্টি সুৰক্ষাৰ স্বার্থটো প্রথম৷ গতিকে, প্রতিগৰাকী জাতীয় ভাবসম্পন্ন লোক, জাতীয়তাবাদী দল–সংগঠন, অনুষ্ঠানক নেতৃত্ব প্রদান কৰা ব্যক্তিৰ প্রথম আৰু প্রাথমিক দায়িত্ব হ’ল জাতিৰ সুৰক্ষা৷ কিন্তু চৰকাৰৰ এই প্রলোভনৰ জালত, তেওঁলোকৰ বিভাজনৰ ৰাজনীতি, সুবিধাবাদী চৰিত্রৰ যি এটা ৰাজনৈতিক পৰিৱেশৰ সংস্কৃতি অসমত গঢ় লৈ উঠিছে, তাৰ বাবে নিশ্চয়কৈ বহু লোক আক্রান্ত নোহোৱাকৈ থকা নাই৷ কিন্তু মই ক’ব খুজিছোঁ, সকলোৰে সম্বিৎ ঘূৰি আহিব লাগে৷ জাতি প্রথম, তাৰ পিছতহে ৰাজনীতি৷ কাৰণ, জাতি থাকিলেহে ৰাজনীতি কৰিবলৈ ঠাই থাকিব৷ পৃথিৱীত এনে বহু উদাহৰণ আছে যে ক্ষুদ্র ক্ষুদ্র জাতি নিঃশেষ হৈ গৈছে, ভাষা শেষ হৈ গৈছে৷ গতিকে, আমি কেতিয়াও আশ্বস্ত হৈ থাকিব নালাগে, তিনি কোটি ঊনত্রিশ লাখ মানুহে ভাবি থাকিব নালাগে যে অসমৰ ভৱিষ্যৎটোত কোনো প্রত্যাহ্বান বা সংকট নাই৷ সংকট আছে সেইবাবে সংকটটোৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱা, ৰাজনৈতিকভাৱে যুঁজ কৰাটোৱেই প্রত্যেকৰে দায়িত্ব৷ বিশেষকৈ, জাতীয় অনুষ্ঠানৰ নেতৃত্ব গ্রহণ কৰা প্রতিগৰাকী ব্যক্তিৰ প্রাথমিক জাতীয় দায়িত্ব হোৱা উচিত বা প্রয়োজন৷
সমাগত নির্বাচনক লৈ প্রতিটো ৰাজনৈতিক দলে নিজ নিজ কৌশলেৰে কুচকাৱাজ চলাইছে৷ বিজেপিক পৰাভূত কৰিবলৈ মিত্রতাৰে মহাজোঁট কৰিছে৷ আপোনাৰ দলেও ৰাইজৰ দলৰ স’তে মিত্রতা কৰিছে৷ বিভিন্ন ৰাজনৈতিক দলে আপোনালোকৰ স’তে মিত্রতাৰ বাবে আগ্রহ প্রকাশ কৰিছে৷ কি কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, আনকি এ আই ইউ ডি এফেও মিত্রতাৰ বাবে ৰাজহুৱাকৈ বদৰুদ্দিন আজমলে প্রকাশ কৰিছে৷ যদিহে কংগ্রেছ দলে এ আই ইউ ডি এফৰ স’তে মিত্রতা স্থাপন নকৰিলেহেঁতেন তেন্তে কংগ্রেছ দলৰ স’তে মিত্রতা সম্ভৱ হ’লহেঁতেন নেকি? এই ক্ষেত্রত আপুনি কি ক’ব বিচাৰিব?
এয়া অসম্ভৱ কথা কংগ্রেছ আৰু বিজেপিৰ বিদেশী ৰক্ষণাবেক্ষণৰ ক্ষেত্রত চৰিত্রগত কোনো পার্থক্য নাই৷ ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বিদেশী আহিব লাগে বুলি কংগ্রেছে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি থৈছে আৰু দীঘলীয়া সময় কংগ্রেছে অবৈধ বিদেশী নাগৰিকক লৈ ভোটবেংকৰ ৰাজনীতি কৰি আছে৷ ’৫১, ’৭১ চনৰ মানুহক ভয় খুৱাই ভোটবেংকৰ ৰাজনীতি কৰি আছে৷ বিজেপিকতো দেখিছেই যে এক সাম্প্রদায়িক শক্তি৷ ’৭১ চনৰ ২৫ মার্চৰ পিছত অহা অবৈধ হিন্দু বিদেশীক সংস্থাপিত কৰিবৰ বাবেই ‘কা’ জাপি দিয়া হ’ল৷ ‘কা’ জাপি দিয়াৰ অন্তর্নিহিত উদ্দেশ্য হ’ল সাম্প্রদায়িকীকৰণ আৰু ধর্মীয় মেৰুকৰণ আৰু তাৰ লগে লগে এক স্থায়ী ভোটবেংক তৈয়াৰ কৰি আহি থকা নির্বাচনসমূহত যাতে তেওঁলোকে জিকিব পাৰে৷ গতিকে, কংগ্রেছ আৰু বিজেপিৰ মাজত কোনো চৰিত্রগত পার্থক্য নাই৷ বিজেপি আৰু এ আই ইউ ডি এফৰ মাজতো সাম্প্রদায়িক চৰিত্রৰ কোনো পার্থক্য নাই৷ সেয়ে তেওঁলোকৰ লগত আমাৰ বুজাপৰা বা সমন্বয় হ’ব নোৱাৰে, মিত্রতাৰ কথা আহিব নোৱাৰে৷ ৰাষ্ট্রীয় ৰাজনৈতিক শক্তি আৰু সাম্প্রদায়িক ৰাজনৈতিক দলৰ পৰা সমদূৰত্ব বর্তাই ৰখা কথাটো কৈ আহিছোঁ আৰু সেই স্থিতিত আমি অলৰ–চৰ–টল৷
এই মিত্রতাৰ বিষয়ত কংগ্রেছ বা এ আই ইউ ডি এফে আপোনাক বা আপোনাৰ দলৰ স’তে কিবা আনুষ্ঠানিক যোগাযোগ কৰিছে নেকি?
এই সম্পর্কত কোনো আনুষ্ঠানিক যোগাযোগ কৰা নাই৷ তেওঁলোকে বহু ৰাজহুৱা মন্তব্য আগবঢ়াইছে আৰু সেই ৰাজহুৱা মন্তব্য, আমিও ৰাজহুৱা উত্তৰহে দি আছোঁ৷ প্রথম দিনটোৰ পৰাই আমাৰ স্থিতি একেই৷ কোনো ৰাষ্ট্রীয় ৰাজনৈতিক দল বা সাম্প্রদায়িক ৰাজনৈতিক দলৰ বোকোচাত উঠি তেওঁলোকৰ অক্সিজেন সেৱন কৰি জাতীয়তাবাদ কেতিয়াও থিয় হ’ব নোৱাৰে৷ মেৰুদণ্ড পোনাই, শিৰ উচ্চ কৰি স্বাভিমানী জাতীয়তাবাদ তেওঁলোকৰ বোকোচাত উঠি হ’ব নোৱাৰে বুলি বাৰম্বাৰ কৈ অহা হৈছে আৰু যদি কোনোবাই ভাবিছে যে তেওঁলোকৰ ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ চৰিত্র, ’৬৯ চনৰ পৰা ’৮৫ৰ গণ আন্দোলনৰ সময়ত কংগ্রেছৰ অত্যাচাৰ, যোৱা চাৰে চাৰি বছৰত বিজেপিৰ সাম্প্রদায়িক কর্মৰাজি দেখাৰ পিছত তেওঁলোকৰ বোকোচাত উঠি কাৰোবাক প্রতিহত কৰাৰ স্বার্থত, যদি জাতীয়তাবাদ প্রতিষ্ঠা কৰিব খুজিছে, তেতিয়াহ’লে তেওঁলোকে মূর্খৰ স্বর্গত বাস কৰিছে৷
আঞ্চলিক মিত্রশক্তি হিচাপে এজেপি, ৰাইজৰ দল, বিপিএফৰ নেতৃত্বত ৰাজ্যত এক নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে৷ এনে ক্ষেত্রত নির্বাচনৰ পূর্বে আৰু কোন কোন ৰাজনৈতিক দলৰ স’তে মিত্রতা স্থাপন কৰাৰ সম্ভাৱনা আছে?
চাওক, প্রথমে যিসমূহ ৰাজনৈতিক দল ৰাষ্ট্রীয় ৰাজনৈতিক দল বা সাম্প্রদায়িক ৰাজনৈতিক দলৰ স’তে নাই, তেনে দলৰ স’তে মিত্রতা স্থাপন হ’ব পাৰে৷ বর্তমানে এজেপিৰ স’তে ৰাইজৰ দলৰ মিত্রতা চূডান্ত হৈছে৷ এ এছ ডি চিৰ স’তে মিত্রতা চূডান্ত হৈছে৷ বি পি এফৰ স’তে আলোচনা চলি আছে, তেওঁলোকে যোগাত্মক সঁহাৰি আগবঢ়াইছে৷ এই চাৰিওটা আঞ্চলিক শক্তিয়ে ইতিমধ্যে এক যোগাত্মক দিশেৰে আগবাঢ়িছে৷ বাকী যিবোৰ ক্ষুদ্র ক্ষুদ্র আঞ্চলিক শক্তি, ৰাজনৈতিক বাধ্য–বাধকতাৰ বাবে বিজেপি বা আন দলৰ স’তে আছে তেওঁলোকক ক’ব খুজিছোঁ যে ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ চৰিত্র একে৷ তেওঁলোকৰ একোটা আগ্রাসী মানসিকতা আছে৷ এ এছ ডি চিয়ে কার্বি পাহাৰত কংগ্রেছৰ, বি পি এফে বিটিএডিত বিজেপিৰ আগ্রাসী ৰূপ দেখিলে৷ তিৱা স্বায়ত্ত পৰিষদৰ সময়তো একেই হ’ল৷ বাকী ৰাভা, মিচিং, সোণোৱাল কছাৰীসকলেও এনে ৰাষ্ট্রীয় দলসমূহৰ হেঁচা–ঠেলাত তেওঁলোকৰ ক্ষুদ্র আঞ্চলিকতাবাদী, জাতীয়তাবাদী চৰিত্র এসময়ত নিশ্চিতভাৱে হেৰুওৱাৰ উপক্রম হ’ব৷ সেয়ে তেওঁলোকেও আমাৰ স’তে চামিল হোৱাৰ প্রয়োজনবোধ কৰোঁ৷ কাৰণ, আঞ্চলিকতাবাদ, জাতীয়তাবাদৰ বিকল্প নাই৷ যুক্তৰাষ্ট্রীয় ব্যৱস্থাত যদিহে ৰাজনৈতিক, সামাজিক, অর্থনৈতিক ন্যায় প্রতিষ্ঠা কৰিব লগা হয়, তেতিয়াহ’লে জাতীয়তাবাদ, আঞ্চলিকতাবাদৰ কোনো বিকল্প হ’ব নোৱাৰে৷ সেয়ে, এই ঐক্য, জাতীয়তাবাদী সত্তাটোৰ স’তে সকলোৱে চামিল হওক৷
সমাগত নির্বাচনত এজেপিৰ মূল ইছ্যু কি কি হ’ব? ৰাইজৰ দলৰ স’তে কমন মিনিমাম প্র’গেম (চি এম পি)ত কি কি বিষয়ে গুৰুত্ব লাভ কৰিব বুলি আশা কৰিছে?
চি এম পি সন্দর্ভত আলোচনাৰ মাজেৰে সিদ্ধান্ত লোৱা হ’ব৷ চূডান্ত ৰূপৰেখা অংকন কৰা হ’ব আৰু চূডান্ত হ’লেই সকলো ৰাইজক জনোৱা হ’ব বা ৰাজহুৱা কৰা হ’ব৷ ঐক্যবদ্ধভাৱে কোন কোন বিষয়ত যুঁজ দিম, সেয়া সময়ত জনোৱা হ’ব৷ আমি যুঁজ দিয়াৰ মূল কথা হ’ল– জাতীয় সংকট, জাতীয় বিষয়, অবৈধ বিদেশীৰ আগ্রাসন, সাম্প্রদায়িকীকৰণ, বিদেশীক জাপি দিয়া, বিদেশীক জাপি দিয়াৰ ফলত মাটিৰ সংকট, ভাষাৰ সংকট, ৰাজনৈতিক সংকট, সামাজিক আৰু অর্থনৈতিক সংকট৷ তাৰ উপৰি বহু বিষয়, যেনে– শিক্ষা, শিক্ষাৰ ৰাজহুৱা খণ্ডৰ অৱস্থা অতি বেয়া, শিক্ষা শেষ কৰাৰ পিছত সংস্থাপনহীনতা, স্ব–নিয়োজনহীনতা, সকলো ক্ষেত্রতে অবাধ দুর্নীতি–ভ্রষ্টাচাৰ, স্বজন–তোষণ, অর্থনৈতিকভাৱে দুর্বল, সামাজিক ন্যায়, নিৰাপত্তা নোহোৱা, নাৰীজনিত বহু ঘটনা বৃদ্ধি, প্রসূতিৰ মৃত্যুৰ হাৰ বৃদ্ধিকে ধৰি স্বাস্থ্যখণ্ডত যিমানবিলাক সামাজিক সংকট আছে, সকলো নির্মূল কৰা, নাৰী সবলীকৰণ কৰা, বিভিন্ন জনগোষ্ঠীয় সমস্যা তথা তেওঁলোকৰ মর্যাদা, বৃহৎ নদীবান্ধ সম্পর্কত পূর্বৰ স্থিতিত অটল থকা, চৰকাৰ আহিলে কোনো কাৰণতে ‘কা’ বলৱৎ হ’বলৈ দিয়া নহ’ব৷ যেনেকৈ পঞ্জাব আৰু কেৰালা চৰকাৰে ৰাষ্ট্রীয় আইন হোৱা সত্ত্বেও নিজা সিদ্ধান্ত গ্রহণ কৰিছে৷ তাৰ লগে লগে আন যিবিলাক মৌলিক সমস্যা আছে, যেনে– বান, গৰাখহনীয়া যোগাযোগ ব্যৱস্থা, ৰাস্তা–ঘাট, বিদ্যুতৰ সমস্যা, কৃষি–র্থনীতি, জলসিঞ্চন ব্যৱস্থা, প্রযুক্তি–বিজ্ঞানৰ বিকাশৰ বাবে সুস্থ পৰিৱেশ–বাতাৱৰণ সৃষ্টি কৰা, ক্রীডা ক্ষেত্রখন সংবর্ধন ৰূপত গঢ়ি তোলা আদিকে ধৰি সকলো বিষয়ক লৈ আমি আগবাঢ়ি যাম, এইটোৱেই আমাৰ মূল কথা৷ এইসমূহৰ ক্ষেত্রত এক বাস্তৱসন্মত তথা বিজ্ঞানসন্মত পৰিকল্পনাৰে এক ভিজন প্রস্তুত কৰা হ’ব৷
সুদীর্ঘকাল আপুনি আছুক নেতৃত্ব প্রদান কৰিলে৷ এতিয়াও আপোনাৰ ছাঁ আছুত বিদ্যমান৷ বর্তমানে এক মহাভিযোগ উঠিছে যে অসম জাতীয় পৰিষদৰ নেপথ্য শক্তি আছু৷ লগতে এজেপি বিজেপিৰ ‘বি’ টীম বুলি বহুল প্রচাৰ হৈছে৷ অর্থাৎ বিজেপিক সহায় কৰিবলৈকে এজেপি গঠন কৰা হ’ল নেকি?
ঃ এইটো বিজেপিয়ে চলোৱা প্রপাগেণ্ডা৷ অসম জাতীয় পৰিষদে কাৰো বোকোচাত নুঠে৷ স্বাভিমানী লোকে বোকোচাত উঠিব নোৱাৰে৷ যাৰ স্বাভিমান নাই, যাৰ মূৰ তুলি জীয়াই থকাৰ চৰিত্র নাই, যি মূৰ দেদাৱাই থাকে৷ সোণোৱালে যেনেকৈ দিল্লীত মূৰ দোঁৱাই থাকে, দিল্লীৱালাই যি কয়, তাকে য়েছ বছ কৰি থাকে৷ আমাৰ কথাটো হ’ল– আমি মোদীৰ চকুত চকু থৈ কথা ক’ম আৰু আমাৰ অধিকাৰ আঁজুৰি আনিম৷ গতিকে স্বাভিমানী মানুহে কাৰো ‘বি’ টীম হ’বই নোৱাৰে৷ এয়া বিজেপিৰ দ্বাৰা সৃষ্টি আৰু প্রচাৰ অভিযানৰ অংশ মাত্র৷ চাওক, আছুত অসম জাতীয় পৰিষদৰ ছাঁ কেতিয়াও নাই৷ অজাপ আছুৰ আদর্শ, চিন্তা, দর্শন, জাতীয় দর্শনবোৰক লৈ তেওঁলোকে আগবঢ়াই দিয়া এটা ৰাজনৈতিক দল৷ আছু স্বতন্ত্র হিচাপে জীয়াই আছে আৰু থাকিব, আৰু থকাটো প্রয়োজন৷ আছু এটা এ’পলিটিকেল অনুষ্ঠান৷ গতিকে কোনো এটা ৰাজনৈতিক দলৰ বহতীয়া হৈ থকাটো মই নিবিচাৰোঁ৷ মই ভাবোঁ যে মোৰ ছাঁ, প্রভাৱ নিশ্চয় আছুত নাথাকে৷ মই দায়িত্বত থকাৰ সময়ত, নিশ্চয়কৈ মোৰ অনুৰাগী, সমর্থক, আনুগত্য প্রকাশ কৰাসকল আছিল৷ হয়তো এতিয়াও আছে৷ কিন্তু তেওঁলোকে স্বতন্ত্রভাৱে নিজ কাম–কাজ পৰিচালনা কৰি আছে৷ সেয়ে কোনো সন্দেহ কৰিবলগীয়া আছে বুলি মই নাভাবোঁ৷
সমাগত নির্বাচনত অসম জাতীয় পৰিষদ দলে কিমান আসনত প্রতিদ্বন্দ্বিতা কৰিব? ইয়াৰ ভিতৰত কেইখন আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰে? সমান্তৰালকৈ আপোনালোকৰ মিত্রশক্তিয়ে মুঠ কেইখন আসন লাভ কৰিব?
ঃ ১২৬খন আসনতে আমি প্রতিদ্বন্দ্বিতা কৰিম ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে৷ কিমান আসন পাম, সেইটো ৰাইজে থিৰাং কৰিব৷ কিন্তু চৰকাৰ আমাৰেই হ’ব৷ মানে আঞ্চলিক মিত্রশক্তিৰেই হ’ব, সেইটো নিশ্চিত৷ আসন কিমান পাম, সেইটো আমি নকওঁ, কোৱাটো উচিত নহয়৷ সেয়া কয় কেৱল যিসকলে জনতাক বিভ্রান্ত কৰিব বিচাৰে, যিসকল অহংকাৰী, ৰাইজৰ ওপৰত কোনো আস্থা নাই৷ হয়, তেওঁলোকে ই ভি এমত টেম্পাৰিং কৰিব লাগিব, নহয় তেওঁলোক অতিমানৱ হ’ব লাগিব৷ আমি জনতাৰ ওপৰত বিশ্বাস ৰাখিছোঁ, জনতাই এইবাৰ জাতীয় চৰকাৰ এখন বনাব, সেয়া নিশ্চিত৷
১৯৮৫ চনৰ আৱেগৰ ঢ়ৌ ঘূৰি অহাৰ অৱকাশ নিশ্চয়কৈ নাই৷ বিগত সময়ছোৱাত ভোটাৰ ৰাইজে আৱেগতকৈ বিবেক ভোট প্রদান কৰিছে৷ এনে ক্ষেত্রত ৰাষ্ট্রীয় পর্যায়ৰ তথা শাসনাধিষ্ঠিত এক শক্তিশালী ৰাষ্ট্রীয় দল বিজেপিক প্রতিহত কৰিবলৈ অসম জাতীয় পৰিষদ দল মানসিক, অর্থনৈতিক আৰু সামাজিকভাৱে কিমান সবল বা সক্ষম বুলি আপুনি সভাপতি হিচাপে বিবেচনা কৰে?
১০০ শতাংশই সক্ষম হ’ম৷ গণতান্ত্রিক সংস্কৃতিটোক ধনবলেৰে এনেদৰে বিষময় কৰি তোলা মূল শক্তিটোৱেই হ’ল বিজেপি৷ আমি ধনবলত বিশ্বাস নকৰোঁ৷ জনতাৰ শক্তিতহে বিশ্বাস কৰোঁ৷ গণতন্ত্র তাতহে জীয়াই থাকে৷ এফালে ধন আৰু আনফালে সততা, নিষ্ঠা, জনতাৰ শক্তি৷ আমাৰ জাতীয় দায়বদ্ধতা আৰু দেশপ্রেম, এইটোৱেই মূল কথা৷ গতিকে সামাজিক, ৰাজনৈতিকভাৱে সক্ষম এই কাৰণেই যে ‘কা’বিৰোধী আন্দোলনৰ পিছত জাতীয়তাবাদী শিবিৰত বিজেপিৰ ৬০ শতাংশ ভোট খহিল৷ তেওঁলোকৰ লগত এতিয়া কোনো নাই, অসমৰ ৰাইজ নাই৷ যদি আছে, অবৈধ বিদেশী, কিছু পদলেহনকাৰী আছে, হিতাধিকাৰী, বিভিন্ন আঁচনিৰ কাম কৰা সুবিধাবাদী চৰিত্রৰ বণিক গোষ্ঠী আছে৷ স্বাভিমানী কোনোৱেই নাই বিজেপিৰ লগত৷ ২০১৬ চনৰ পিছত বিজেপিৰ ভোটবেংকত খহনীয়া হৈছে৷ তেওঁলোকে জাতীয়তাবাদী শিবিৰ, অসন্তুষ্ট কংগ্রেছীক লৈয়ে চৰকাৰ কৰিলে৷ কংগ্রেছৰ বিহাৰ, বিটিএডি, তিৱা নির্বাচনত ৬০ৰ পৰা ৭০ শতাংশ ভোট খহিল৷ জাতীয়তাবাদী ভোট আজিও অক্ষুণ্ণ হৈ আছে৷ গতিকে, চৰকাৰ হোৱাটো স্বাভাৱিক৷ মেথামেটিকেলী এইটো ক্লিয়াৰ৷ ইয়াত কোনো সামাজিক, ৰাজনৈতিক কথা থাকিব নোৱাৰে৷ চৰকাৰ এশ শতাংশ অসম জাতীয় পৰিষদৰেই হ’ব৷
আছু এক অৰাজনৈতিক সংগঠন বুলি সকলোৱে জানে বা পৰিচিত৷ কিন্তু শেহতীয়াকৈ আছুৰ ৰাজনৈতিক চৰিত্র আছে বুলি সন্থাৰ মজিয়াতে ব্যাপক চর্চা লাভ কৰিছে৷ দুলীয়াজানৰ অধিৱেশনৰ সময়তো আপুনি আছু ৰাজনৈতিক বুলি মুকলিকৈ মন্তব্য কৰিছিল৷ বর্তমানৰ সভাপতি–সম্পাদকৰ মাজতো ইয়াক লৈ বিতর্কৰ সূত্রপাত ঘটিছিল৷ এনে ক্ষেত্রত আছুৱে অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব বুলি ভাবেনে? আপোনাৰ মতামত জনাব নেকি?
ঃ অৰাজনৈতিক বুলি পৃথিৱীত কোনো কথাই নাই৷ প্রতিগৰাকী মানুহেই ৰাজনৈতিক৷ অৱশ্যে ৰাজনীতিৰ গণ্ডীৰ ভিতৰত নাথাকিব পাৰে– এ’পলিটিকেল৷ নন পলিটিকেল ইজ এ ভে’গ কনচেপ্ঢ৷ পৃথিৱীৰ য’ত য’ত গণতন্ত্র আছে, য’ত শাসন ব্যৱস্থা আছে, প্রতিগৰাকী মানুহেই পলিটিকেল৷ অধিকাৰৰ প্রশ্ণ যেতিয়াই কৰিব, তেতিয়া তাত ৰাজনৈতিক কথাটোৱেই থাকিব৷ কিন্তু ৰাজনৈতিক দলৰ ভিতৰত নাথাকিবও পাৰে৷ এ’পলিটিকেল চৰিত্রটো ছাত্র সন্থাৰ আছে৷ ইয়াৰ ভুল ব্যাখ্যা কৰিছে ন্যস্তস্বার্থ মহলে৷ আছু এ’পলিটিকেল অর্গেনাইজেচন, নন পলিটিকেল অর্গেনাইজেচন নহয়৷ এ’পলিটিকেল অর্গেনাইজেচনৰ এটা ৰাজনৈতিক দৃষ্টিভংগী থাকে, ৰাজনৈতিক এক প্রভাৱ বিস্তাৰ কৰে বা ৰাজনৈতিকভাৱে মানুহক পথ প্রদর্শন কৰে৷ গতিকে ছাত্র সন্থাৰ এ’পলিটিকেল চৰিত্র আছিলে, আছে, থাকিব এইটো কেতিয়াও কোনো ৰাজনৈতিক দলৰ লগত নাযায়, তাৰ বহতীয়া হৈ নাথাকে, এই কথা আমি স্পষ্টভাৱে বিশ্বাস কৰোঁ৷ স্বতন্ত্রভাৱে আছুৰ এ’পলিটিকেল চৰিত্র জীয়াই থাকিব৷ ইয়াক লৈ অযথা বিতর্কৰ সৃষ্টি কৰা হৈছে৷
আঞ্চলিক মিত্রশক্তিৰ দ্বাৰা চৰকাৰ গঠন কৰিব পাৰিব বুলি কিমান দৃঢ় বিশ্বাস আছে? যদিহে চৰকাৰ গঠনত অসফল হয়, তেন্তে অসম আৰু অসমীয়াৰ স্বাভিমানক পুনৰ কুঠাৰাঘাত কৰা নহ’বনে?
চৰকাৰ হ’বই৷ গতিকে চিন্তাৰ কোনো কাৰণ নাই, কোনো দ্বিমত নাই৷ জাতীয়তাবাদী ৰাইজৰ চৰকাৰ সাম্প্রদায়িক চৰকাৰৰ বিৰুদ্ধে ৰাইজে ভোট প্রদান কৰিব, উন্নয়নহীনতাৰ বিৰুদ্ধে ভোটদান কৰিব, ঠগ–প্রৱঞ্চনাৰ বিৰুদ্ধে ভোটদান কৰিব, নির্বাচনী ইস্তাহাৰত কোৱা কথাৰ প্রতিশ্রুতি ৰক্ষা নকৰাৰ বাবে ভোট দিব৷ গতিকে, ৰাইজৰ প্রতিও আহ্বান জনাইছোঁ যে ভোটদান কৰক৷ তেওঁলোকৰ ঠগ–প্রৱঞ্চনা, বিশ্বাসঘাতকতা, জাতিক সংকটৰ মুখলৈ ঠেলি দিয়া, বিদেশী জাপি দিয়া, মাটি–ভেটিৰ সংকট অনা, ভাষা–কৃষ্টি–সংস্কৃতিল্ সংকট অনাৰ বিৰুদ্ধে ৰাইজে ভোটদান কৰক৷ এইটো নিশ্চিত যে ২০২১ত অসমত এখন জাতীয় চৰকাৰ গঠন হ’ব৷
সাংসদ গৌৰৱ গগৈয়ে ৰাজহুৱাকৈ কৈছে যে তিনি গগৈ একত্রিত হ’লে কোনেও ৰুধিব নোৱাৰিব৷ তিনি গগৈ একেলগ হ’ব নেকি?
চাওক– গগৈ, শইকীয়া, শর্মা– এইবোৰৰ ৰাজনীতিত মই বিশ্বাস নকৰোঁ৷ মই কোনো মূর্তি ৰাজনীতিক বিশ্বাস নকৰোঁ৷ মই অসমৰ জনতাৰ ৰাজনীতিত বিশ্বাস কৰোঁ৷ অসমৰ জনতা যাৰ লগত থাকিব, তেওঁৰেই জয়লাভ হ’ব৷ গতিকে, মই এনেধৰণৰ উপাধিকেন্দ্রিক, গোষ্ঠীকেন্দ্রিক, শ্রেণীকেন্দ্রিক, ধর্মকেন্দ্রিক ৰাজনীতিত বিশ্বাস নকৰোঁ৷ গতিকে, মই অসমৰ জনতাৰ শক্তি, ৰাইজৰ শক্তিৰ ওপৰত বিশ্বাস কৰোঁ, যিহেতু মই গণতন্ত্রত আছোঁ৷ আমি অসমৰ জনগণক লৈ, তেওঁলোকৰ আশা–আকাংক্ষাক প্রতিফলিত কৰি বাস্তৱায়িত কৰি যাবৰ বাবে কাম–কাজ কৰি যাম৷ এনেধৰণৰ কোনো উপাধিকেন্দ্রিক সংকীর্ণ ৰাজনীতিৰ গণ্ডীৰ ভিতৰত অসম জাতীয় পৰিষদ নাই৷ আমাৰ আদর্শ, আমাৰ চিন্তা অসমৰ জনগণৰ ভাল ভৱিষ্যৎ আৰু ন্যায় প্রদান কৰা, তেওঁলোকক নতুন বাট দেখুওৱা, গণতন্ত্র ৰক্ষা কৰাই হ’ব মূল কথা৷ ব্যক্তিকেন্দ্রিক চিন্তাচর্চা কেতিয়াও মই মনলৈ অনা নাই আৰু নাহে, সেয়া স্পষ্ট কথা৷
ফটোঃ দিব্যজ্যোতি ৰাভা
সাক্ষাৎগ্রহণকাৰীৰ ফোনঃ ৯৪৩৫০–৩২৩৮২

You might also like