চিনামৰাত ৰেলৰ খুন্দাত নিহত এজন লোক
নিয়মীয়া বাৰ্তা, ২৫ মার্চঃ দক্ষিণ যোৰহাটৰ চিনামৰা আৰক্ষী চকীৰ অন্তর্গত ৰূপনগৰৰ সমীপত আজি পুৱা এজন লোকৰ ৰেল দুর্ঘটনাত মৃত্যু হয়৷ জানিব পৰা মতে চিনামৰাৰ জখলাপাৰা নিবাসী গগেন প্ৰধান নামৰ ৫৬ বছৰীয়া লোকজনে আজি পুৱা ৮ বজাত ওচৰতে বজাৰ কৰিবলৈ ওলাই আহি হাতত মাংস লৈ ঘৰলৈ ঘূৰি গৈছিল৷ প্ৰত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে ৰেল লাইন পাৰ হ’বলৈ লওতেই ভৰিটো ৰেলৰ চিৰিৰ ফাকত লাগি ধৰে আৰু এৰুৱাবলৈ যত্ন কৰি থাকোঁতেই ৰেল লাইনৰ কাম কৰি থকা এখন ইউনিমেট মেচিন আহি লোকজনক মহতিয়াই নিয়ে আৰু চকুৰ প্ৰচাৰতে লোকজন তিনিটুকুৰা হৈ যায়৷ ঘটনাৰ কিছু সময়ৰ পিছতে ৰেলৱেৰ আৰক্ষী আহি ঘটনাস্থলিত উপস্থিত হয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
প্ৰেৰক নৱজ্যোতি তামুলী