শিলচৰৰ হাস্পতাল ৰোডত ভয়ংকৰ অগ্নিকাণ্ড
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ শিলচৰৰ হাস্পতাল ৰোডত ভয়ংকৰ অগ্নিকাণ্ড। ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি বহু ঘৰ ভস্মীভূত। দুপৰীয়া ২ বজাত শিলচৰৰ হাস্পতাল ৰোডত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হয়। অগ্নিনিৰ্বাপক বাহিনীৰ ৪/৫ ইঞ্জিন সেই স্থানত উপস্থিত হয় যদিও জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইফালে, অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনৰ পানীৰ পাইপ ফাটি যোৱাৰ বাবে জুই নিৰ্বাপনৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হয়। অগ্নিনিৰ্বাপক বাহিনীৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰি স্থানীয় প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলটোৰ ৰাইজে। ইফালে এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষ টকাৰ লোকচান হৈছে বুলি জানিবলৈ দিয়ে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। যদিও অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ কাম অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে শিলচৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা আৰু সদৰ থানাৰ অ’চিকে ধৰি বৃহৎ আৰক্ষী বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে। কিন্তু এই অগ্নিকাণ্ডৰ কাণ্ডত এতিয়াও অঞ্চলটোত তীব্ৰ উত্তেজনা।
প্ৰেৰক গৌতম তালুকদাৰ