নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰেন্সফৰ্মাৰত মিটাৰ লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ট্ৰেন্সফৰ্মাৰত মিটাৰ সংযোগ কৰি থকা অৱস্থাতে বিদ্যুতস্পৃষ্ট হৈ অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় এজন কম বয়সীয়া যুৱকে। ঘটনাটো মৰিয়নিৰ সমীপৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত কাঠকটীয়া অঞ্চলত সংঘটিত হয়। আজি দুপৰীয়া সংঘটিত এই শোকবহ ঘটনাত মৃত্যু হোৱা যুৱকজন যোৰহাট মালৌখাতৰ গোবিন্দ বৰা বুলি জানিব পৰা গৈছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰায় ২৪ বছৰীয়া যুৱকজনে কাঠকটীয়া অঞ্চলত যোৰহট-মৰিয়নি পথত অৱস্থিত ট্ৰেন্সফ’ৰ্মাৰ এটাত মিটাৰ সংযোগ কৰি আছিল। জানিব পৰা মতে, জেনাছ নামৰ এটা বহিৰাগত বেচৰকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানে যোৰহাট জিলাত স্মাৰ্ট মিটাৰ সংযোগৰ কাম কৰি আহিছে। উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ অধীনতে প্ৰয়াত গোবিন্দই প্ৰায় তিনি বছৰৰো অধিক কাল কাম কৰি আহিছিল। আজি তেওঁলোকৰ দলটোৱে উক্ত ট্ৰেন্সফ’ৰ্মাৰটোত মিটাৰ সংযোগ কৰিবলৈ গৈছিল। মৃত যুৱকজনৰ লগত থকা সহকৰ্মী কেইজনে জানিবলৈ দিয়া মতে, সেই সময়ত ট্ৰেন্সফ’ৰ্মাৰটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবৰ বাবে লাইনমেনক ফোনযোগে অৱগত কৰে। সেইমতে, লাইনমেনে বিদ্যুৎ সংযোগ কৰ্তন কৰে । কিন্তু তাৰ কিছু সময়ৰ পিছতেই পুনৰ বিদ্যুৎ সংযোগ সক্ৰিয় কৰাত যুৱকজন কাম কৰি থকা অৱস্থাতে বিদ্যুতস্পৃষ্ট হয় আৰু তাতেই ঢলি পৰে। সেইসময়ত তাত থকা সহকৰ্মীকেইজনে বিদ্যুৎস্পৃষ্ট হোৱা গোবিন্দক কোনোমতে উদ্ধাৰ কৰি ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষনা কৰে। ইফালে, যুৱকজনৰ সৈতে কাম কৰি থকা বিদ্যুত কৰ্মীসকলে এই ঘটনাৰ বাবে সংশ্লিষ্ট লাইনমেনজনক দোষাৰোপ কৰিছে । লাইনমেনজনৰ ভুলৰ বাবেই গোবিন্দই প্ৰাণ হেৰুৱালে বুলি অভিযোগ দিছে। বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ পিছত লাইনমেনজনে একো নজনোৱাকৈ কিয় পুনৰ লাইন সক্ৰিয় কৰিলে বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে। আনহাতে, মৃত গোবিন্দ বৰাৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে ৰাইজে। মন কৰিবলগীয়া যে যোৰহাটৰ চোলাধৰাত অৱস্থিত জেনাছ নামৰ কোম্পানীটোৰ বিষয়াই প্ৰথম অৱস্থাত বিষয়টোকলৈ কোনো গুৰুত্বই দিব বিচৰা নাছিল। নিজকে প্ৰতিষ্ঠানটোৰ মেনেজাৰ বুলি চিনাকি দিয়া জনৈক ৰবীন্দ্ৰ কুমাৰ নামৰ অনা অসমীয়া বিষয়াজনে বিষয়টোৰ পৰা এৰাই চলিব বিচৰাহে পৰিলক্ষিত হ’ল। তাৰোপৰি মৃত যুৱকজনৰ বিষয়ে একো নাজানে আৰু যুৱকজনক তেওঁ নিয়োগ কৰা নাই বুলি উল্লেখ কৰি মৃত গোবিন্দক নিযুক্ত দিয়া তেওঁৰ অধীনৰ ঠিকাদাৰেহে জানে বুলি গা এৰা দিয়া মন্তব্য প্ৰকাশ কৰে । ইফালে, এ পি ডি চি এলৰ মৰিয়নি সংমণ্ডলৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে সেই সময়ত লাইন কৰ্তন কৰিবৰ বাবে বিভাগীয়ভাৱে কোনো আনুষ্ঠানিক অনুমতি লোৱা নাছিল। সূত্ৰটোৰ মতে, এনে বিপদসংকুল কামৰ বাবে এ পি ডি চি এলৰ পৰা আনুষ্ঠানিক অনুমতি লোৱাতো বাধ্যতামূলক যদিও কিছুসংখ্যকে লাইনমেনৰ সৈতে বুজাবুজিৰে এনে কাম কৰি আহিছে, যাৰ পৰিণতিত এনেদৰে শোকাবহ ঘটনা সংঘটিত হৈ আহিছে বুলিও সূত্ৰটোৱে লগতে জানিবলৈ দিছে। সি যি কি নহওক এজন যুৱক এইদৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰিবলগীয়া হোৱাৰ ঘটনাই আজি শোকৰ ছাঁ পেলাইছে। কিন্তু কি পৰিস্থিতিত ট্ৰেন্সফ’ৰ্মাৰত কাম চলি থকা অৱস্থাত কৰ্তন কৰা বিদ্যুত সংযোগ পুনৰ সক্ৰিয় কৰা হ’ল তাৰ এক তদন্তৰ দাবী জনাইছে সচেতন ৰাইজে। উক্ত তদন্তৰ পিছতহে সকলো স্পষ্ট হ’ব বুলি আশা কৰা হৈছে। সম্প্ৰতি ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like