নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই ছাত্রীক ঘপিয়াই হত্যাৰ চেষ্টা যুৱকৰ

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: এক লোমহর্ষক জঘন্য কাণ্ডই শনিবাৰে জোকাৰি গৈছে ধেমাজি নগৰ৷ হাতত উদ্যত দা লৈ ধেমাজি নগৰৰ মাজমজিয়াত দিন–দুপৰতে এজন উন্মাদ যুৱকে দুই ছাত্রীক উপর্যুপৰি ঘপিয়াই হত্যাৰ চেষ্টা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ ধেমাজি সদৰ থানাৰ পৰা প্রায় এশ মিটাৰ দূৰত্বৰ এ এছ টি চি বাছ আস্থানৰ সমীপৰ ড্রাগ হাউছ নামৰ ফার্মাচীখনৰ সন্মুখত জনসমাগমৰ মাজত শনিবাৰে আবেলি প্রায় ৪ বজাত ঋতু শর্মা নামৰ যুৱক এজনে ছাত্রী দুগৰাকীক দাৰে আক্রমণ কৰে৷ যুৱকজনে এখন দা লৈ উক্ত স্থানত পিতৃৰ লগত ৰৈ থকা অৱস্থাত প্রথমে এগৰাকী ছাত্রীক মূৰ–পিঠিত উপর্যুপৰি ঘপিয়াই মুমূর্ষু কৰি লগত থকা আনগৰাকী ছাত্রীকো মূৰত ঘাপ মাৰে৷ ঘটনাত কিংকর্তব্যবিমূঢ় হৈ পৰা ছাত্রী এগৰাকীৰ পিতৃকো দাৰ ঘাপ মাৰি আহত কৰে৷

ঘটনা সংঘটিত কৰি উন্মাদ যুৱকজনে হাতত উদ্যত দাখন লৈ নগৰৰ মাজমজিয়াৰ তিনিআলিত দৌৰি গৈ এঘৰৰ বাৰীৰ গছৰ তলত আশ্রয় লয়৷ আৰক্ষীয়ে ৰাইজৰ সহযোগত উন্মাদ যুৱকজনক আটক কৰা মুহূর্তত যুৱকজনে হাতত থকা দাখনে নিজৰ ডিঙি কাটি আত্মহত্যাৰ চেষ্টা চলায়৷ জানিব পৰা মতে, আজি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত স্নাতক ছেমিষ্টাৰ পৰীক্ষাৰ বাবে মৰিধল মহাবিদ্যালয়ত অধ্যয়নৰত দুই ছাত্রীয়ে অনলাইন পৰীক্ষাত মহাবিদ্যালয়খনত অৱতীর্ণ হৈছিল৷ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নৱ কাঠবাৰী গাঁৱৰ নন্দিতা শইকীয়া আৰু ভগামুখ গাঁৱৰ কাস্মীনা দত্ত নামৰ দুয়োগৰাকী ছাত্রীয়ে পৰীক্ষাৰ উত্তৰবহী মহাবিদ্যালয়ত জমা দি একেখন মটৰচাইকেলত পিতৃৰ লগত ধেমাজি অভিমুখে ঘৰমুৱা হয়৷ ধেমাজি নগৰত উপস্থিত হৈ একাপ চাহ খাবৰ বাবে উক্ত স্থানত ৰোৱা মাত্রকে এখন স্কুটীৰে অনুসৰণ কৰি অহা যুৱকজনে এখন দীঘল দা উলিয়াই আক্রমণ কৰে৷ ছাত্রী দুগৰাকী অধ্যয়ন কৰা মৰিধল মহাবিদ্যালয়ত লাইব্রেৰী বিভাগৰ বীয়েকাৰ কর্মচাৰী তথা মৰিধল ২নং নগাঁও গণক গাঁৱৰ যুৱক ঋতু শর্মাই কি কাৰণত এনে জঘন্য কাণ্ড সংঘটিত কৰিলে, এই সম্পর্কে কলেজ কর্তৃপক্ষ বা ৰাইজে অজ্ঞতা প্রকাশ কৰিছে৷

এক সূত্রৰ মতে, প্রণয়জনিত সংঘাতৰ কাৰণেই যুৱকজনে ঘটনা সংঘটিত কৰিছে৷ জানিব পৰা মতে, ঢকুৱাখনাৰ ছাত্রী দুগৰাকী আক্রমণকাৰী ঋতু শর্মাৰ ভাৰাঘৰত থাকি মৰিধল মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিল৷ সম্পূর্ণ মহাবিদ্যালয়ৰ ইউনিফর্ম পৰিহিত ছাত্রী দুগৰাকীয়ে আজি আন আন সতীর্থ ছাত্র–ছাত্রীৰ লগত মৰিধল মহাবিদ্যালয়তে শনিবাৰে অনলাইন পৰীক্ষাত অৱতীর্ণ হৈছিল৷ আক্রমণত গুৰুতৰভাৱে আহত নন্দিতা শইকীয়া নামৰ ছাত্রীগৰাকীৰ ডিব্রুগডৰ ব্যক্তিগত নার্ছিং হোম ব্রহ্মপুত্র ডায়’গনষ্টিক এণ্ড ৰিছার্চ হাস্পতালৰ আই চি ইউত সংকটজনক অৱস্থাত জীৱন–মৃত্যুৰে যুঁজি থকাৰ বিপৰীতে আনগৰাকী ছাত্রী কাস্মীনা আৰু নন্দিতাৰ পিতৃ সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে৷

You might also like