নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমছু-ৰাইজৰ দল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ দেশজুৰি আৰম্ভ হোৱা সদস্যভৰ্তি অভিযানত সদস্যৰ শতকৰা ভৰ্তিকৰণৰ হাৰ অনুসৰি অসম দেশৰ ভিতৰত প্ৰথম স্থানত আছে। আজি ধুবুৰীত আয়োজিত সংবাদ মেলত এই দাবী কৰে বিজেপিৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। সদস্যভৰ্তিকৰণৰ এই কাৰ্যসূচীৰ জৰিয়তে ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত নতুনকৈ অতি কমেও ডেৰ লাখ প্ৰাথমিক সদস্যভৰ্তি কৰাৰ লক্ষ্য বান্ধি লোৱা বুলিও আজিৰ সেই সংবাদ মেলখনত সদৰী কৰে তেওঁ। আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীৰ মন্তব্য, “আমছু আৰু ৰাইজৰ দল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি।” ইয়াৰ সপক্ষে যুক্তি দৰ্শাই তেওঁ কয় যে “যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া তেওঁলোকে আগতে আলোচনা কৰি লয়।” সংবাদ মেলখনত সাংসদ দিলীপ শইকীয়াই তেওঁলোক ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষত যদিও বিষয়টো সন্দৰ্ভত কংগ্ৰেছ চৰকাৰখনেহে বেমেজালি লগাই থৈ যোৱা বুলিও দাবী কৰে। আনহাতে, মাটিৰ দালালৰ ওপৰত কৰা সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মাটিৰ দালালৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা বুলিও মন্তব্য কৰে তেওঁ। উল্লেখ্য যে আজি ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাড়ি প্ৰেক্ষাগৃহত ধুবুৰী জিলা বিজেপিৰ উদ্যোগত আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংসদ দিলীপ শইকীয়াই। উক্ত কাৰ্যসূচীত ধুবুৰী জিলাখনৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত দলীয় সদস্য ভৰ্তিকৰণৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় তেওঁ। উল্লেখ্য যে সেই কাৰ্যসূচী অন্ত পৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰে সাংসদ গৰাকীয়ে। আজিৰ সেই কাৰ্যসূচীত ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, গোলকগঞ্জৰ প্ৰাক্তন বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ, দলটোৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্ন্যাল, দীপক কুমাৰ সাহা প্ৰমুখ্যে দলটোৰ জিলা পৰ্যায়ৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like