আছুৰ উদ্যোগত চিমেন চাপৰিত নাগৰিক সভা; চৰকাৰী ভূমি বেদখলকাৰীক শীঘ্ৰে উচ্ছেদৰ দাবী
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ চিমেন চাপৰিত চৰকাৰী ভূমি বেদখলৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। যাৰফলত চিমেন চাপৰিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ১৯ আগষ্টৰ পৰা চিমেন চাপৰিৰ ভূমি সংৰক্ষণ বিভাগৰ চৰকাৰী ভূমি বেদখল কৰা জোনাই মহকুমাৰ গালী অঞ্চলৰ বৰ্নাত্য পৰিয়ালৰ বাবে জোনাই মহকুমা প্ৰশাসনে লোৱা পদক্ষেপক অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে।চৰকাৰী নীতি অনুসৰি সঠিক জৰীপৰ দ্বাৰা বানাক্ৰান্ত পৰিয়ালক চিনাক্ত কৰি পুনঃ সংস্থাপন কৰালৈকে চৰকাৰৰ আশ্ৰয় শিবিৰত থাকিবলৈ দিয়া নিৰ্দেশক অমান্য কৰি চৰকাৰী ভূমি বেদখলৰ বাবে ৯৫ টা পৰিয়ালে খামুচি ধৰি থকাৰ পিছত জোনাই মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা অহৰহ মানুহ চিমেন চাপৰিৰ ভূমি সংৰক্ষণ বিভাগৰ মাটি বেদখলৰ প্ৰতিযোগিতাত নামিবলৈ ধৰিছে। এনে পৰিস্থিতিৰ মাজতে আজি চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা চিমেন চাপৰি মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয়। কেবাটাও জাতীয়, জনগোষ্ঠীয় সংগঠন, চিমেন চাপৰিৰ শিক্ষক, বুদ্ধিজীৱি, জনপ্ৰতিনিধি, সচেতন নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত সভাৰ সভাপতিত্ত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তোলন ফুকনে। চিমেন চাপৰি আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক নিপু গগৈয়ে আতঁধৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় ধেমাজি জিলা আছুৰ সহঃ সাধাৰণ সম্পাদক সঞ্জীৱ দাসে। সভাত উপস্থিত থাকি চিমেন এবছুৰ সভাপতি সাইক্লন বসুমতাৰীয়ে কয় চিমেন চাপৰিৰ চৰকাৰী ভূমি বেদখলৰ তীব্ৰ বিৰোধিতা কৰি এই ঘটনাৰ আঁৰত ৰাজনৈতিক চক্ৰান্ত জৰিয়তে হৈ থকাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে চৰকাৰ-প্ৰশাসনক তাৎক্ষনিক ব্যৱস্থা লবলৈ দাবী জনায়। আটাছুৰ ধেমাজি জিলা সমিতিৰ সহঃ সাধাৰণ সম্পাদক নকুল টিপমীয়াই প্ৰশাসনৰ নিৰ্দেশনাক অৱমাননা কৰি চৰকাৰী ভূমি বেদখলৰ যি ঘটনা সংঘটিত হৈছে তাক সৰ্বশক্তিৰে বাধা দিবলৈ সকলোকে আহ্বান জনায়।
ধেমাজি জিলা ইউবিপিঅৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰীয়ে কয় বানখহনীয়া অজুহাত দেখুৱাই চিমেন চাপৰিৰ চৰকাৰী ভূমি বেদখল কৰাৰ পৰিবৰ্তে চৰকাৰী পৃষ্ঠপোষকতাত অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বিবদমান এলেকাত পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰীয়ে কয় ২১ আগষ্টত জোনাই মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয় সভাকক্ষত অনুষ্ঠিত আলোচনামৰ্মে প্ৰশাসনে তৎকালে চিমেন চাপৰিৰ চৰকাৰী ভূমি জৰীপৰ কাম হাতত লব লাগে বুলি কৈ চিমেন চাপৰি ভবিষ্যতৰ বাবে সংৰক্ষিত হৈ থকা ভূমি বেদখলৰ তীব্ৰ বিৰোধিতা কৰে। চিমেন চাপৰি উন্নয়ন সমিতিৰ উপ সভাপতি মলেন্দ্ৰ নাৰ্জাৰীয়ে কয় ইতিমধ্যে অসমৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ধেমাজি জিলাত প্ৰতিষ্ঠা হবলগা চিকিৎসা মহাবিদ্যালয়খন চিমেন চাপৰিত স্থাপন কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে চিমেন চাপৰিত এখন উন্নতমানৰ খেল পথাৰ, এখন শ্মশান নিৰ্মাণৰ বাবে চিমেন চাপৰিৰ চৰকাৰী ভূমিত বেদখল কেতিয়াও দিব নোৱাৰি বুলি বক্তব্যত কয়।চিমেন চাপৰিত চিমেন চাপৰিৰ ৰংপুৰীয়া, চমকঙ গাওঁ পঞ্চায়তৰ বিভিন্ন গাঁৱৰ লগতে চেঙাজান মাজৰবাৰী
অঞ্চলৰ উপৰিও বিভিন্ন নৈপৰীয়া অঞ্চলত বানখহনীয়া সৃষ্টি হৈছে। তৎস্বত্তেও বৃহত্তৰ চিমেন চাপৰিৰ ভবিষ্যতৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলৰ ৰাইজে চৰকাৰী ভূমি বেদখলৰ পৰা আতৰি থকাই নহয় এই ভূমি সংৰক্ষণৰ বাবেহে চিন্তা কৰি আহিছে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে। চিমেন চাপৰি উন্নয়ন সমিতিৰ সভাপতি শচীন দলেই চিমেন চাপৰিৰ সমূহীয়া উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিভিন্ন প্ৰত্যাহ্বানো নেওচি বেদখলৰ পৰা মুক্ত কৰি সংৰক্ষণৰ বাবে চেষ্টা অহা হৈছে বুলি কৈ চিমেন চাপৰিত বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিষ্ঠা হলে সমগ্ৰ জোনাই মহকুমাবাসী উপকৃত হ’ব বুলিও মন্তব্য কৰে।
অনুষ্ঠানত অংশগ্ৰহন কৰি অৱসৰপ্ৰাপ্ত খণ্ড শিক্ষা বিষয়া দিলিপ গগৈ, সদৌ কোচ ৰাজবংশী সন্মিলনীৰ সদস্য ৰাজেন ৰায়, এমএমকেৰ কেন্দ্ৰীয় সদস্য পদ্মনাথ চাৰহ, উদীয়মান সমাজকৰ্মী দ্বিপেন বৰুৱা, প্ৰবীণ চাংমাই, ধেমাজি জিলা পৰিষদৰ সদস্যা শুভাৰাণী বসুমতাৰীয়েও নাগৰিক সভাত উপস্থিত থাকি চিমেন চাপৰি চৰকাৰী ভূমি বেদখলৰ তীব্ৰ বিৰোধিতাৰে বক্তব্য দাঙি ধৰে।মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ভৱানী দুৱৰা, ধেমাজি জিলা আছুৰ প্ৰচাৰ সম্পাদক দেবজিৎ মৰান, জোনাই জিলা টিএমপিকেৰ সদস্য লোহিত কুটুম, চিমেন চাপৰি আঞ্চলিক আক্ৰাছুৰ সভাপতি সুশান্ত বৰ্মণ, বিষয়ববীয়া নৰেশ ৰায়, শিক্ষক দীনাৰাম শইকীয়া, চিমেন চাপৰি গাওঁ পঞ্চায়তৰ কাউঞ্চিলৰ টুটুমনি দত্তকে প্ৰমুখ্যে বহু সংখ্যক নেতৃস্থানীয় ব্যক্তি উপস্থিত থকা সভাত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। চৰকাৰ,প্ৰশাসনে ২৪ আগষ্টৰ ভিতৰত চিমেন চাপৰিৰ চৰকাৰী ভূমিত থিতাপি লোৱা বেদখলকাৰীক উচ্ছেদৰ ব্যৱস্থা হাতত নললে ২৫ আগষ্টৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা, ধেমাজি জিলাত প্ৰতিষ্ঠা হবলগা ইতিমধ্যে ঘোষিত চিকিৎসা মহাবিদ্যালয়খন চিমেন চাপৰিত স্থাপন কৰা, চিমেন চাপৰিত এখন উন্নতমানৰ খেল পথাৰ, শ্মশান, উন্নয়ন খণ্ড কাৰ্য্যালয় স্থাপন কৰা আদি কেবাটাও প্ৰস্তাৱ হাতত লোৱা হয়।