নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পকী দলং নিৰ্মাণৰ লিখিত প্ৰতিশ্ৰুতি দিয়ক আৰু ভোট লওক, মাৰ্ঘেৰিটাত এখন পকী দলঙৰ দাবীত আছু

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ পকী দলং নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটা সমষ্টিৰ লিডু বৰুৱা ঘাটত আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু লিডু শাখাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। এতিয়া নিৰ্বাচনৰ বতৰত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই আশ্বাস আৰু প্ৰতিশ্ৰুতি দিব ৰাইজক। কিন্তু এইবাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লিডু বৰুৱা ঘাট অঞ্চলৰ ৰাইজক দিব লাগিব পকীদলং নিৰ্মাণ কৰি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি।

এইবাৰ ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে অঞ্চলটোত নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিলে লিখিতভাৱে দিব লাগিব  নিৰ্বাচনত জয় লাভ কৰাৰ ৬ মাহৰ ভিতৰত লিডু কুঁ‌হিয়াৰবাৰী চিপে গাঁও সংযোগী টিৰাপ নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি।

এই দাবী মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু লিডু শাখা ছাত্ৰ সন্থাৰ। আজি মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বৰুৱা ঘাটত এখন পকী দলং নিৰ্মাণৰ দাবীত আছুৱে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। অঞ্চলটোত এখন পকী দলং নিৰ্মাণ নোহোৱাত যাতায়াতৰ ক্ষেত্ৰত প্ৰায় ২০খনৰো অধিক গাঁৱৰ কেইবাহাজাৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে বুলি উল্লেখ কৰে ছাত্ৰ সন্থাই।

You might also like