বান খহনীয়া প্ৰতিৰোধৰ দাৱীত জোনাইত আছুৰ চিয়াঙৰ বুকুত মানৱ শৃংখল; ৪টা দাৱী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ
নিয়মীয়া বাৰ্তা,২১ আগষ্টঃ জোনাই মহকুমাৰ এটা অঞ্চল বেৰা চাপৰি৷ প্ৰতি বছৰে বান আৰু গৰাখহনীয়া তাণ্ডৱ চলোবা নৈ পৰীয়া এখন বৃহত্তৰ অঞ্চল৷ চিয়াং আৰু লালী নৈয়ে প্ৰতি বছৰে এই অঞ্চলৰ ৰাইজৰ বাবে চকু পানী কঢ়িয়াই আনে৷ শ শ কৃষি ভূমি আৰু বহু মানুহৰ ঘৰ বাৰী আজি চিয়াঙ লালী নৈৰ বুকুত৷ চৰকাৰ সলনি হয়, জনপ্ৰতিনিধি সনলি হয় দি যায় বহু প্ৰতিশ্ৰুতি কিন্ত বেৰা চাপৰিৰ ৰাইজৰ মাজত থাকি যায় ভুৱা প্ৰতিশ্ৰুতিবোৰ৷ প্ৰতি বছৰে বেৰা চাপৰি ৰাইজৰ সলনি হয় ঠিকনা৷
এই বছৰ যদি এঠাইত ঘৰ সাজে অহা বছৰ কিন্ত আন ঠাইত সাজিব লাগে ঘৰ৷ জনপ্ৰতিনিধি সকলৰ বাবে খীৰতী গাইত পৰিণত হৈছে এই বৃহত্তৰ বেৰা চাপৰি ৷ নিতৌ নতুন আচঁনি গ্ৰহণ কৰি লুন্ঠণৰ মেলা পাতে জনপ্ৰতিনিধি সকলে৷ এই বছৰ অহা বাৰিষাই বেৰা চাপৰি অঞ্চলৰ পৰিচয় সলনি কৰাৰ লগতে থান বান কৰি পেলালে সকলো৷ আশ্ৰয় বিহীন কৰি পেলালে বহুতক৷ এই বেৰা চাপৰি ৰাইজৰ সমস্যা সমুহৰ স্থায়ী সমাধানৰ দাৱীত যোৱা বৃহস্পতি বাৰে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই বেৰা চাপৰিৰ ক্ষতিগ্ৰস্ত স্থানত এক মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ন কৰে৷ বান ক্ষতিগ্ৰস্ত ৰাইজৰ সহযোগত মানৱ শৃংখল ৰূপায়ন কৰি চৰকাৰ ওচৰত এই বেৰা চাপৰি অঞ্চলৰ বান খহনীয়া ক্ষতিগ্ৰস্ত ৰাইজৰ স্থায়ী সমাধানৰ দাৱী তোলে৷ ছাত্ৰ সংগঠনটোৱে বান ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত বান সাৰ্হায্য আৰু ক্ষতিপূৰণ ব্যৱস্থা কৰা, ঐৰামঘাটৰ পৰা ভলোকাগুৰী ঘাটলৈ বৈজ্ঞানিক পদ্ধতিৰে বান্ধ বা মথাউৰি নিৰ্মাণ কৰা, জোনাই মহকুমাৰ পবা বনাঞ্চলক অতি সোনকালে ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰা, অকলেণ্ড গাৱঁত থকা একমাত্ৰ উপ পশু চিকিৎসালয়খনত চিকিৎসক নিযুক্তি দিয়াৰ দাৱীৰে এক স্মাৰক পত্ৰ অসমা মাননীয় মুখ্যমন্ত্ৰীলৈ জোনাই মহকুমাধিপতিৰ জৰিয়তে প্ৰেৰণ কৰে৷
জোনাই আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু বেৰাচাপৰি ৰাইজৰ সহযোগত ৰূপায়ন কৰা মানব শৃংখল কাৰ্যসূচীত উপস্হিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্ৰৰঞ্জন বসুমতাৰী ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শমা সাধাৰণ সম্পাদক কৈল্যান গগৈ উপ সভাপতি ৰাজীৱ গগৈ সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ দাস মূখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম সাকাস্কৃতিক সম্পাদক হীৰেন হৰনীয়া প্রচাৰ সম্পাদক কৈলাশ মিৰি জোনাই মহকুমা ছাত্র সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী সাধাৰণ সম্পাদক নয়নজ্যোতি বৰুৱা বাহিৰ জোনাই আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মেদিনী দলে সাধাৰণ সম্পাদক চন্দ্ৰকান্ত বৰুৱা ৰ লগতে জোনাই মহকুমা ছাত্র সন্থাৰ অন্তর্গত আঞ্চলিক ৰ সভাপতি সম্পাদক ৰ লগতে কৰ্ম কৰ্তা সকলে অংশগ্ৰহণ কৰে৷