নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত যোগান মন্ত্রীৰ প্রতীকী শৱ লৈ শ্মশানযাত্রা ছাত্র সন্থাৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ খাদ্য–সামগ্রীৰ দামবৃদ্ধিৰ বিৰুদ্ধে  আছুৰ প্রতিবাদত উত্তাল হৈ পৰে ৰঙিয়া নগৰ৷ ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই দামবৃদ্ধি ৰোধ কৰাত ব্যর্থ যোগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ প্রতীকী শৱদেহ লৈ সমদল উলিয়ায়৷ আছুৰ কার্যালয়ৰ পৰা আৰম্ভ কৰা উক্ত প্রতিবাদী সমদলত সংগঠনটোৰ একাংশ কর্মীয়ে গেঞ্জি আৰু ধুতী পৰিধান কৰি ধর্মীয় নীতি–নিয়মেৰে এখন সাঙীত যোগান মন্ত্রীৰ প্রতীকী শৱদেহটো নিয়ে৷ প্রতিবাদকাৰীসকলে আলু–পিয়াঁজৰ দামবৃদ্ধি ৰোধ কৰক, বজাৰত লাগিছে জুই–যোগান মন্ত্রী আছে শুই, বণিয়াৰ ৰঙা চকুলৈ অসম চৰকাৰৰ ভয় কিয়, দামবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান মন্ত্রী হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

প্রতিবাদী কার্যসূচীত উপস্থিত থকা জিলা সম্পাদক হেমন্ত দাসে ক্ষোভেৰে কয় যে বিজেপি চৰকাৰখনে বণিয়াক বৰপীৰা পাৰি দি সর্বসাধাৰণ লোকক মাধমাৰ শোধাইছে৷ জাতি–মাটি–ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে জনতাৰ হিতৰ পৰিৱর্তে পুঁজিপতিৰ স্বার্থতহে কাম কৰি আহিছে৷ দামবৃদ্ধি ৰোধত চূডান্তভাৱে ব্যর্থ অযোগ্য আৰু অদক্ষ যোগান মন্ত্রীৰ পদত্যাগ দাবী কৰে ছাত্র নেতাগৰাকীয়ে৷ লগতে তেওঁ শীঘ্রে দামবৃদ্ধি ৰোধ কৰি ৰাইজক সকাহ দিয়াৰ দাবী জনায়৷

কার্যসূচীত জিলা কার্যালয় সম্পাদক আদিল হাচান, কার্যনির্বাহক তৌফিকুৰ ৰহমান, মহকুমা শিক্ষা সম্পাদক নিউটন কলিতা, কার্যালয় সম্পাদক জিতু ডেকা, সাহিত্য সম্পাদক বুবুল আলী, আঞ্চলিক সভাপতি জয়ন্ত শর্মা, সম্পাদক মৃণ্ময় কুমাৰ ডেকা আদি বহুকেইগৰাকী নেতা উপস্থিত থাকে৷

You might also like