নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যটন সঞ্জীৱনী আঁচনিৰ ঋণৰ প্রথম বছৰৰ সুদ আদায় দিব চৰকাৰে

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ক’ৰোনাজনিত পৰিস্থিতিৰ বাবে সমগ্র বিশ্বৰ লগতে অসমৰ পর্যটন খণ্ড সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে অসমৰ পর্যটন খণ্ড পুনৰুজ্জীৱিতকৰণৰ্ বাবে বিশেষ কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে৷ অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত সেই পদক্ষেপৰ বিষয়ে সদৰী কৰি কয় যে পর্যটন খণ্ডৰ ওপৰত নির্ভৰশীল হোটেল, লজ, ট্যুৰ অপাৰেটৰ, জীপ ছাফাৰি, হাতী ছাফাৰি আদি সাংঘাতিকভাৱে আর্থিক সংকটৰ সন্মুখীন হৈছে৷ তেওঁলোকক সকাহ দিয়াৰ বাবে চৰকাৰে পর্যটন সঞ্জীৱনী নামৰ এখন নতুন আঁচনি গ্রহণ কৰিছে৷ এই আঁচনিৰ অধীনত অংশীদাৰসকলে ১ লাখ টকাৰ পৰা ২০ লাখ টকা পর্যন্ত ঋণ ল’ব পাৰিব৷ ৮–১০ শতাংশ সুদৰ হাৰত সেই ঋণ লাভ কৰিব৷ প্রথম এবছৰলৈ তেওঁলোকে ঋণৰ কিস্তি আৰু সুদ আদায় দিব নালাগে৷ আনকি প্রথম বছৰৰ সুদৰ সমুদায় ধন অসম চৰকাৰে পৰিশোধ কৰিব৷ অহা এমাহৰ ভিতৰত চৰকাৰে এই আঁচনিখনৰ মডেলিটী যুগুতাই অহা ১ নৱেম্বৰৰ পৰা আবেদন গ্রহণ কৰিব৷ অহা ৩১ ডিচেম্বৰ পর্যন্ত আবেদন গ্রহণ কৰিব৷ এই আঁচনিখন ৰূপায়ণৰ বাবে চৰকাৰে ৫০ কোটি টকা ধার্য কৰিছে, প্রথম বছৰটোৰ সুদ আদায় দিয়াৰ বাবে৷

অধ্যক্ষ বৰুৱাই কয় যে অসম চৰকাৰেই দেশৰ ভিতৰত একমাত্র ৰাজ্য, যিয়ে প্রথম বছৰৰ সমুদায় সুদৰ দায়িত্ব গ্রহণ কৰিছে৷ কেৰালা চৰকাৰেও এনে আঁচনি গ্রহণ কৰিছে যদিও সম্পূর্ণ ১০০ শতাংশ সুদৰ দায়িত্ব লোৱা নাই৷ সেইদৰে পর্যটন খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ্ বাবে পর্যটন সাৰথি নামৰ আন এখন আঁচনি গ্রহণ কৰাৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে ইলেক্ট্রনিক গেজেটৰ জৰিয়তে বিভাগে সংশ্লিষ্টসকলৰ সৈতে পোনপটীয়া যোগাযোগত থাকি পর্যটন ক্ষেত্রসমূহৰ তথ্যপাতিৰ সৰবৰাহ কৰিব৷ অহা ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ইয়াৰ বাবে আবেদন গ্রহণ কৰিব৷ জিলা পর্যটন তথ্য বিষয়াই আবেদনৰ তথ্যপাতি পৰীক্ষা কৰি জিলা উপায়ুক্তৰ জৰিয়তে পর্যটন বিভাগলৈ পঠিয়াব আৰু সেই অনুসৰি বিভাগে ইলেক্ট্রনিক গেজেটৰ জৰিয়তে পর্যটনৰ তথ্যপাতি সৰবৰাহ আৰু কাম–কাজ নিৰীক্ষণ কৰিব৷ আনহাতে, এইবাৰ ক’ৰোনাৰ বাবে পুণ্যধাম আঁচনিখন ৰূপায়ণ কৰিব নোৱাৰাৰ কথা উল্লেখ কৰি অধ্যক্ষ বৰুৱাই কয় যে পূর্বৰ বছৰসমূহত দেশৰ বিভিন্ন ঠাইলৈ এই আঁচনিৰ অধীনত তীর্থযাত্রী পঠিওৱা হৈছিল৷ কিন্তু এইবাৰ ৰাজ্যখনৰ ভিতৰতে সেই আঁচনিখন ৰূপায়ণ কৰিব বিচৰা হৈছে৷ এই সপ্তাহৰ ভিতৰতে বাতৰিকাকতযোগে ইয়াৰ বিজ্ঞাপন প্রকাশ কৰি অহা ১৫ নৱেম্বৰৰ পৰা অনলাইনযোগে আবেদন গ্রহণ কৰা হ’ব৷ এইবাৰ তীর্থযাত্রীৰ বয়সৰ সীমাও হ্রাস কৰি ৫০ বছৰৰ পৰা ৬৫ বছৰ নির্ধাৰণ কৰা হ’ব৷ ক’ভিডজনিত পৰিৱেশ ঠিকে–ঠাকে থাকিলে এই আঁচনিখনৰ অধীনত অহা ১ ডিচেম্বৰৰ পৰা ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে ৰাজ্যৰ ভিতৰতে তীর্থ ভ্রমণৰ ব্যৱস্থা কৰিব৷

ইপিনে, অইলৰ চি এছ আৰৰ অধীনত ডিব্রু–ছৈখোৱাৰ বাৰেকুৰি, বাঘজান, নতুন ৰঙাগড়া আদিত পর্যটনৰ নতুন আন্তঃগাঁথনি নির্মাণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ সংবাদ মেলখনত অধ্যক্ষ বৰুৱাই আৰু জানিবলৈ দিয়া মতে, অসমৰ পর্যটনত এতিয়া কোনো ব্রেণ্ড এম্বেছাডৰ নাই৷ অৱশ্যে পূর্বৰ ব্রেণ্ড এম্বেছাডৰ প্রিয়ংকা চোপ্রাই কৰা প্রমোসমূহৰ অধিকাৰ এতিয়াও পর্যটন বিভাগৰ আছে৷ তদুপৰি বিভাগে বর্তমান নিজাববীয়াকৈ অসমৰ বিভিন্ন স্থানীয় পর্যটন খণ্ডৰ ওপৰত ২০০/৩০০ ভিডি’ বনোৱাতহে গুৰুত্ব দিছে৷ এই প্রসংগতে তেওঁ কয় যে প্রিয়ংকা চোপ্রাৰ মূল ভিডি’টো ১ কোটি ১৮ লাখ লোকে চোৱাৰ বিপৰীতে মাজুলীৰ ওপৰত স্থানীয়ভাৱে প্রস্তুত কৰা ডেৰ মিনিটৰ ভিডি’ এটা একে সময়তে ১ কোটি ৮০ লাখ লোকে চাইছে৷ সেয়ে সাম্প্রতিক পৰিস্থিতিলৈ চাই পর্যটন বিভাগে ৰাজ্যখনৰ বর্তমানৰ পর্যটনস্থলী আৰু সম্ভাব্য পর্যটনস্থলীৰ ওপৰত স্থানীয়ভাৱে ভিডি’ নির্মাণ কৰি প্রচাৰৰ দিহা কৰাত গুৰুত্ব দিছে৷

You might also like