নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ডেকাপাম আঞ্চলিক ছাত্ৰ সন্থাৰ মানৱ শৃংখল

নিয়মীয়া বাৰ্তা, ১২ আগষ্টঃ জোনাই মহকুমাৰ ডেকাপামৰ বিভিন্ন জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীত আজি ৰূপায়ণ কৰা হয় মানৱ শৃংখল কাৰ্যসূচীৰ। ডেকাপাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডেকাপামবাসী ৰাইজৰ সহযোগত ডেকাপাম হাইস্কুল খেল পথাৰৰ পৰা সমদল উলিয়াই ডেকাপাম তিনিআলিত দুপৰীয়া ১২ বজাৰ পৰা দুঘন্টা ধৰি ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ ।

ডেকাপামৰ উচ্চ শিক্ষানুষ্ঠান পশ্চিম জোনাই মহাবিদ্যালয় আৰু পশ্চিম জোনাই কনিষ্ঠ মহাবিদ্যালয় দুখন প্ৰাদেশীকৰণ কৰা, ডেকাপাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ৩০ খন বিচনাযুক্ত চিকিৎসালৈ উন্নীতকৰণ কৰা , ডেকাপামত এখন পশু চিকিৎসালয় স্থাপন কৰা , ডেকাপাম অঞ্চলৰ খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা, ডেকাপামত যাত্ৰীবাহী ৰে’ল ৰখোৱাৰ ব্যৱস্থা কৰা , ডেকাপামত গ্ৰামসেৱকৰ কাৰ্যালয় স্থাপন কৰা , ডেকাপামত এটা ডাকঘৰ নিৰ্মাণ কৰাৰ দাবীতৰূপায়িত কৰা মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক সঞ্জীৱ দাসে প্ৰতিখন চৰকাৰৰ চুড়ান্ত অৱহেলা আৰু আওকনীয়া মনোভাবৰ ফলত দীৰ্ঘ বছৰ ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত ডেকাপামৰ কোনো এটা জ্বলন্ত সমস্যাৰ সমাধান নহল বুলি চৰকাৰৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি চিমেন চাপৰি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন পেগু, সমাজকৰ্মী অতুল বৰুৱায়ো ডেকাপাম অঞ্চলৰ উন্নয়নৰ প্ৰতি প্ৰতিখন চৰকাৰে মাহী আইৰ দৃষ্টি ভঙ্গীৰে প্ৰদৰ্শন কৰি অহা কাৰ্য্যক বিৰোধিতা কৰি ডেকাপাম অঞ্চলৰ সৰ্বাঙ্গীন উন্নয়নৰ দাবী জনায়।

ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাজীৱ গগৈ, দেব কলিতা, সাংস্কৃতিক সম্পাদক হীৰেণ শৰনীয়া, মুখ্য সাংগঠনিক সম্পাদক দিলিপ কুটুম, প্ৰচাৰ সম্পাদক কৈলাশ মিৰি, সাহিত্য সম্পাদক দেবেন ডেকা, কাৰ্য্যনিৰ্বাহক উত্তম দাস, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, সাধাৰণ সম্পাদক নয়নজ্যোতি বৰুৱা, সমাজকৰ্মী নাথুৰাম মুছাহাৰী উপস্থিত থকা মানৱ শৃংখল কাৰ্যসূচীত আঢ়ৈ শতাধিক প্ৰতিবাদী ৰাইজে ডেকাপামৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীৰ লগতে অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব, আছু জিন্দাবাদ আদি শ্ল’গান আওৰাই ডেকাপামৰ পৰিৱেশ উত্তাল কৰি তোলে। জোনাই মহকুমা প্ৰশাসনৰ ফালৰ পৰা অতিৰিক্ত সহকাৰী আয়ুক্ত উত্তম দাস প্ৰতিবাদস্থলীত উপস্থিত হয়। জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ প্ৰেৰণ কৰা ডেকাপাম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শান্তনু দলে আৰু সাধাৰণ সম্পাদক লক্ষ্য শৰনীয়াৰ স্বাক্ষৰিত স্মাৰক পত্ৰখন প্ৰশাসনিক বিষয়া গৰাকীয়ে গ্ৰহণ কৰে।স্মাৰক পত্ৰত উল্লেখিত দাবী সমূহ সন্নিবিষ্ট কৰা হয়।

You might also like