নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত শিশুসহ ১১ জন ক’ৰোনাত আক্ৰান্ত

 নিয়মীয়া বাৰ্তা, ১২ আগষ্টঃ জোনাই মহকুমাত আজি ১১ গৰাকী লোকৰ দেহত কৰ’ণা সংক্ৰমণ ধৰা পৰিছে। জোনাই মহকুমাৰ স্বাস্থ্য বিভাগে আজি জোনাই বালিকা হাইস্কুল, জোনাই বজাৰ দুৰ্গা মন্দিৰ, বিজয়পুৰ জোনেকাৰেং তিনিআলি, ডেকাপাম বজাৰ, তেলাম বজাৰত আজি শিবিৰ স্থাপন কৰি ৬৬২ জনক ৰেপিড এন্টিজেন টেষ্ট কৰে। ইয়াৰে ১১ জনৰ দেহত কভিড -১৯ পজিটিভ পোৱা গৈছে৷ কভিড পজিটিভ আক্ৰান্ত লোক সকল হল জোনাই উদয়পুৰ গাঁৱৰ অনন্ত আলি , সন্তোষ চাহা, ভীম চেত্ৰী, দিলিপ মিলি, কমলপুৰ গাঁৱৰ বিষ্ণু শইকীয়া, মুৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ ৰাম মাহাতু , তাকিৰ গাঁৱৰ আৰুণ শীল , ডেকাপাম ৰেলৱে ষ্টেচনৰ মৃদুল দে , ডেকাপাম আন’ দলুঙৰ সাবিত্ৰী পেগু, চিমেন চাপৰিৰ চমকঙৰ নিবাসী তথা চিমেন চাপৰি মহাবিদ্যালয়ৰ প্ৰবক্তা দেবানন্দ সিং আৰু ইজুম কয়ু ( ১বছৰ ছমাহ)ৰ দেহত কৰ’ণা সংক্ৰমণৰ ধৰা পৰিছে। ইজুম কয়ু নামৰ ডেৰ বছৰীয়া শিশুটোৰ ঘৰ লাইমেকুৰীত যদিও কেবাদিনো ধৰি ডেকাপাম আন’ দলুঙৰ আইতাকৰ ঘৰত পৰিয়ালৰ সৈতে আছিল। আটাইকেইজনক জোনাইৰ সামূহিক চিকিৎসালয়ৰ কভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য জোনাইত মুঠ ২৮১৫ জনক ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে৷

You might also like