‘মানসিক ৰোগী ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰ কৰি মানসিক চিকিৎসাৰ ব্যৱস্থা কৰক’
নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ মানসিক ৰোগী ৰমাকান্ত দেউৰী ক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি মানসিক চিকৎসালয়ত চিকিৎসা ৰ ব্যবস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে বিশ্ব হিন্দু মহা সংঘ অসম শাখাই ।
এক প্ৰেছ বিবৃতিত এই দাবী উত্থাপন কৰে সংগঠনটোৰ ৰাজ্যিক সভাপতি শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক বলেন বৈশ্যই। মৰিগাঁৱৰ এখন ৰাজহুৱা সভাত গোহাঁই মহন্ত ব্ৰাহ্মণ সকলক উদ্দেশ্যে কৰি বিভিন্ন আস্নগবিধনিক শব্দ প্ৰয়োগ কৰি বিভিন্ন ভাষাৰে সংগঠন টোৱেই গৰিহণা দিয়াৰ লগতে এজন সুস্থ লোকে কেতিয়াও এটা সম্পাদকৰ ক্ষেত্ৰত এনে ধৰণৰ বক্তব্য ৰাখিব নোৱাৰে বুলি উল্লেখ কৰি ৰমাকান্ত দেউৰী ক এজন মানসিক বিকাৰগ্ৰষ্ট লোক বুলি অভিহিত কৰি মৰিগাঁৱৰ বি জে পি বিধায়ক ৰমাকান্ত দেউৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনক অতি শীঘ্ৰেই অৰ্হানি ব্যবস্থা লবৰ বাবে সাংগঠন টোৱে দাবীৰ উত্থাপন কৰে ।
ৰমাকান্ত দেউৰী ৰাজহুৱা ভাৱে কৰা এই মন্তব্য তেওঁৰ ব্যক্তিগত নে চৰকাৰী তাক স্পষ্ট কৰাৰ বাবে ও বিজেপি আৰু অসম চৰকাৰক আহ্বান জনায়।একেটা বিবৃতিতে ৰমাকান্ত দেউৰী দৰে লোকজন প্ৰতিনিধি হোৱাটো অসম তথা অসম বাসীৰ বাবে অতিশয় দুৰ্ভাগ্য জনক বুলি উল্লেখ কৰি জনাৰ্দ্ধন দেৱ গোস্বামী আৰু বলেন বৈশ্য ই এনে লোকৰ উপস্থিতি য়ে চৰকাৰ আৰু দলৰ যথেষ্ট ক্ষতি সাধন কৰিব বুলি মত পোষণ কৰে সেয়েহে সমাগত নিৰ্বাচনৰ পূৰ্বে দেউৰী ৰ বিৰুদ্ধে চৰকাৰ আৰু দলে কি ধৰণে শাস্তি মূলক ব্যবস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হব বুলিও বিবৃতিটোত উল্লেখ কৰে।
আজি বিশ্ব হিন্দু মহা সংঘ অসম শাখাৰ প্ৰচাৰ বিভাগৰ তৰফৰ পৰা মুকুটেশ্বৰ গোস্বামীয়ে গুৱাহাটীত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বিশ্ব হিন্দু মহা সংঘ অসম শাখাৰ তৰফৰ পৰা শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে মাজুলী আৰক্ষী থানাত নিজে উপস্থিত হৈ বিতৰ্কিত বিজেপি বিধায়ক গৰাকীয়ে কৰা সাম্প্ৰদায়িক মন্তব্য বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এজেহাৰ দাখিল কৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ।