চিলাপথাৰত বাইক-স্কুটিৰ মুখামুখি সংঘৰ্ষ
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ আজি সন্ধিয়া ৫.৩০ মান বজাত চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌৰ গোলাইত সংঘটিত হৈছে বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ ।প্ৰাপ্ত তথ্য অনুসৰি AS05R5844 নম্বৰযুক্ত KTM বাইক আৰু AS23W3206 ৰঙা ৰঙৰ স্কুটীৰ মাজত হয় এই মূখামূখি সংঘৰ্ষ । জানিব পৰা মতে ডিমৌৰ পৰা ডিব্ৰুগড় মুখী এখন বাইকৰ বিপৰীত দিশৰ পৰা অহা স্কুটিৰ মাজত দুৰ্ঘটনা সংঘটিত হয়। দুয়োজনৰে মূৰ আৰু ভৰিত গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয়। দুয়োজনকে উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়ৰ লৈ প্ৰেৰণ কৰা হয়। ইফালে দিনক দিনে বৃদ্ধি পাব ধৰা এনে দুৰ্ঘটনাৰ বাবে সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া হৈছে ।