নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোড সমষ্টিৰ ছয় শতাধিক নামঘৰক মাইক চেট বিতৰণ অভিনেত্ৰী আইমীৰ

নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰীঃ অসমৰ ধৰ্মীয় সংস্কৃতিৰ অন্যতম  প্ৰাণকেন্দ্ৰস্বৰূপ নামঘৰৰ পৰাই ধৰ্মীয় কৃষ্টি-সংস্কৃতি বিকাশৰ উদ্দেশ্য জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাই লৈছে এক বিশেষ পদক্ষেপ।

নামঘৰৰ ভকত-বৈষ্ণৱে নাম-প্ৰসংগ প্ৰচাৰ আৰু বিস্তাৰৰ সহায় হোৱাকৈ সমষ্টিটোৰ প্ৰায় ৬ শতাধিক নামঘৰলৈ আগবঢ়াইছে একোটিকৈ মাইকচেট। এই কাৰ্যসূচীৰ অংশ হিচাপে সমষ্টিটোৰ বিভিন্ন ঠাইৰ নামঘৰত এই মাইকচটসমূহ প্ৰদান কৰা হৈছে।

আজি  জাগীৰোডৰ গড়কাপ্টানী বিভাগৰ ডাকবঙলাত জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সহধৰ্মিণী আইমী বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত হয় এক মাইকচেট বিতৰণী অনুষ্ঠান ৷ অভিনেত্ৰীগৰাকীয়ে নিজ হাতেৰে নামঘৰ সমিতিক মাইকচেটসমূহ বিতৰণ কৰে।

এই  কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত অভিনেত্ৰী আইমী বৰুৱাই কুইপ’ৰ দুই অপহৃত বিষয়াক বিনা চৰ্তে মুক্তি দিবলৈ আলফা স্বাধীনক আহ্বান জনায় । কুইপ’ৰ বিষয়া দুগৰাকীক আলফা স্বাধীনে চৰম শাস্তি বিহা হ’ব বুলি কৰা ভাবুকিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰী আইমীয়ে কয়-  “অসমীয়াৰ হাতত অসমীয়াৰ তেজৰ চেঁকুৰা লগাটো কেতিয়াও নিবিচাৰো ৷ এয়া কেনে সংগ্ৰাম, তেওঁলোকে কি বিচাৰিছে বুজিব পৰা নাই ৷ কোম্পানীসমূহৰ লগত আলোচনা কৰক, কিন্তু নিৰীহ জনতাক শাস্তি নিদিব।’

জাগীৰোডত অনুষ্ঠিত মাইকচেট বিতৰণী এই সভাত জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, জাগীভকতগাঁও আৰু  জাগীৰোড মণ্ডল বিজেপিৰ সভাপতিদ্বয় ক্ৰমে মল্লিকা বৰদলৈ, প্ৰবীণ কুমাৰ ডেকা, মৰিগাঁও জিলা পৰিষদৰ সদস্য প্ৰেমাক্ষি দাস আদি উপস্থিত থাকে ।

You might also like