নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত উৰণীয়া গাড়ীক দিলে অনুমোদন

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ উৰণীয়া গাড়ীৰ সপোন সোনকালেই বাস্তৱত ৰূপান্তৰিত হ’ব। আমেৰিকাৰ ইউএছ ফেডাৰেল এভিয়েচন প্ৰশাসনে এখন হাইব্ৰিড গ্ৰাউণ্ড-এয়াৰ বাহনৰ চলাচলৰ বাবে অলপতে অনুমোদন দিছে।

দুটা ছীটৰ এই উৰণীয়া গাড়ীখন প্ৰতি ঘণ্টাত ১৬১ কিলোমিটাৰ বেগত উৰিব পাৰে। প্ৰশাসনে নিৰ্মাণ কোম্পানী তেৰাফুজিয়া ট্ৰেঞ্জিচনক বিশেষ যোগ্যতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে। উৰণীয়া গাড়ীখনে এতিয়া উৰাৰ ক্ষেত্ৰত সেউজসংকেত পালে।

আকাশত উৰাৰ পিছত স্থলভাগত চলাৰ ক্ষেত্ৰত প্ৰশাসনৰ পৰা অনুমতি পাবলৈ আৰু এবছৰ সময়ৰ প্ৰয়োজন হ’ব। বৰ্তমান আকাশতে বিচৰণ কৰাৰ পিছত স্থলভাগতো চলোৱাৰ বাবে প্ৰয়োজনীয় আন্তঃগাথনিগত ব্যৱস্থাৰ পিছত ইয়াক গাড়ীৰূপে ব্যৱহাৰ কৰিব পৰা যাব।

উৰণৰ সময়ত বিমানৰ ইন্ধন ব্যৱহাৰ কৰাৰ লগতে স্থলভাগত চলাচল কৰোঁতে ব্যৱহাৰ কৰা হয় হাইব্ৰিড-বৈদ্যুতিক মটৰ। বিমানৰ পৰা গাড়ীলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰয়োজন হয় মাত্ৰ ১ মিনিট। নিৰ্মাতা কোম্পানী তেৰাফুজিয়াৰ সপোন হৈছে ইয়াক এটা সৰু বিমানবন্দৰ বা ঘাইপথত অৱতৰণ কৰোৱা আৰু তাৰ পিছত ইয়াক ঘৰলৈ চলাই নিয়া।

You might also like