নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাগত সতীৰ্থ অভিযানেৰে ২৫ লাখ নতুন সদস্যভৰ্তিৰ লক্ষ্য অগপৰ

বাৰ্তা ব্যুৰো, ১৪ অক্টোবৰঃ অসম গণ পৰিষদ শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা ৷ আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম শক্তিশালী হোৱা৷  আজিৰ নতুন প্ৰজন্ম আবেগিক ভাষণ বা আবেগিক কথা বতৰাত উটি ভাহি নাযায় ৷ আমি নতুন প্ৰজন্মক অসম গণ পৰিষদৰ মজিয়ালৈ আদৰি আনিব লাগিব- এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ ৷ আজি বৰপেটাত অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এখন সভাত ভাষণ প্ৰদান কৰি অতুল বৰাই কয় যে অগপ  ৰাইজৰ তেজেৰে গঢ়া দল ৷ সভা গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস মানে স্বদেশ আৰু স্বজাতিৰ শ্বাশ্বত প্ৰতিষ্ঠা কৰাৰ দিবস ৷ তেও আৰু কয় যে, আমাৰ দায়িত্ব আগতকৈ বাঢ়িছে ৷ আমি বিজেপি নেতৃত্বাধীন  মিত্ৰজোট চৰকাৰৰ অংশীদাৰ হৈ জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ আছো৷ চৰকাৰত থাকি আমি এনে কাম নকৰো যিবোৰ কাম কৰিলে ৰাইজে আমাক বেয়া পায় ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কটাক্ষ কৰি অগপৰ সভাপতি গৰাকীয়ে কয় যে, কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অপকৰ্মই অসমৰ ৰাইজক অতিষ্ঠ কৰি তুলিছিল৷ আজি ৰাজ্যত কংগ্ৰেছ নিশকতীয়া হৈ পৰিছে ৷ এ আই ইউ ডি এফে ধৰ্মৰ নামত ইছলাম ধৰ্মৰ মানুহক প্ৰতাৰণা কৰি আহিছে ৷ ৰাজ্য সভাৰ সাংসদ অজিত ভূঞাৰ নাম উল্লেখ নকৰাকৈ তেওক কটাক্ষ কৰি অতুল বৰাই কয় যে, এজন স্বনামধন্য বুদ্ধিজীৱী সাংবাদিকে তিনিজন মানুহক লৈ এটা দল খুলিছে। আৰু তেওঁ অসম গণ পৰিষদক সমালোচনা কৰে ৷ কিন্তু অসম গণ পৰিষদ দল মাত্ৰ তিনিজন মানুহক লৈ খোলা দল নহয় ৷ অসম গণ পৰিষদ অসম ৰাইজৰ ত্যাগ আৰু সংগ্ৰামৰ ফলত জন্ম হোৱা দল ৷ অসম গণ পৰিষদক আৰু শক্তিশালী কৰাৰ বাবে স্বাগত সতীৰ্থ অভিযানৰ জৰিয়তে ২৫ লাখ নতুন সদস্য ভৰ্তি কৰা হব বুলি অগপৰ সভাপতি গৰাকীয়ে ঘোষণা কৰে ৷  তেওঁ কয় যে, আমি হাতীৰ দৰে গুৰু গম্ভীৰ খোজেৰে আগবাঢ়ি যাম ৷ আমি দল শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম ৷ ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি অগপৰ সভাপতিগৰাকীয়ে কয় যে ডঃ শৰ্মাই অসমক দেশৰ পাঁচখন অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিছে ৷ আমি তেওঁৰ এই কামৰ অংশীদাৰ হৈ অসমক আগুৱাই নিব লাগিব ৷ সভাত ভাষণ প্ৰদান কৰি অগপৰ কাৰ্যকৰী সভাপতি কেশব মহন্তই কয় যে অসম গণ পৰিষদৰ নিৰ্দিষ্ট দায়বদ্ধতা আছে ৷ শ্বহীদৰ ত্যাগ, নিৰ্যাতিতৰ ত্যাগক অগপই আপোচ নকৰে ৷ আপোচ নকৰাৰ বাবে কেতিয়াবা ক্ষমতা ত্যাগ কৰিব লগীয়া হয় ৷ আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসমক ভাল পাও ৷ অসমক ভাল পাওঁ মানে ভাৰতক বেয়া পোৱা নহয় ৷ আমি ভাল অসমীয়া হৈ ভাল ভাৰতীয় হব লাগিব ৷ আমি ৰাষ্ট্ৰীয় দৃষ্টিভংগী নথকা আঞ্চলিক ৰাজনৈতিক দল নহয় ৷ আমাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী আছে ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ আমি  অংশীদাৰ হৈছো ৷ আৰু এই চৰকাৰৰ দিনত অসমৰ উন্নয়ণ হৈছে ৷ চৰকাৰৰ অংশীদাৰ হৈ আমি অসমৰ ৰাইজক উপকাৰ কৰা আচনিৰ সতে জড়িত হব পাৰিছো ৷ পঞ্চায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচনত অগপ দলে গুৰুত্ব পুৰ্ণ ভূমিকা লব লাগিব ৷ পঞ্চায়ত নিৰ্বাচনত আমি ভাল ফলাফল দেখুৱাব লাগিব ৷ লোকসভা নিৰ্বাচনত কংগ্ৰেছ এ আই ইউ ডি এফক হৰুৱাব লাগিব ৷ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক আমি শক্তিশালী কৰিব লাগিব ৷ অসম গণ পৰিষদক আমি পুণৰ প্ৰতিষ্ঠিত কৰিম ৷ উল্লেখ্য যে অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বৰপেটাত কেন্দ্ৰীয়ভাবে উদযাপন কৰা হয়৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰত প্ৰায় পোন্ধৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় ৷ দিনৰ ১১ বজাত অগপৰ সভাপতি অতুল বৰাই মুল পতাকা উত্তোলন কৰে ৷ ইয়াৰ সমান্তৰালভাৱে অগপৰ আন আন নেতা কৰ্মীসকলৰ দ্বাৰা ৩৭ খন পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ পিচতে কাৰ্যকৰী সভাপতি কেশব মহন্তই শ্বহীদ তৰ্পন আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে সতীৰ্থ  সোঁৱৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ এই  অনুষ্ঠানৰ পিচতে প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ পৰিচালনাত শ্বহীদ পৰিয়াল, জ্যেষ্ঠ দলীয় সদস্য আৰু শুভাকাংক্ষীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় মুকলি সভাত ৷ মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে অগপৰ বৰপেটা জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ সভাত ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ নেতা বীৰেণ বৈশ্য আৰু বিধায়ক তথা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়েও ভাষণ প্ৰদান কৰে ৷ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত সত্ৰীয়া সংস্কৃতিৰ লগতে বিভিন্ন গীত-মাত-নৃত্য প্ৰদৰ্শন কৰা হয় ৷

প্ৰেৰক নৱজিত বায়ন

You might also like