নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ নৱেম্বৰৰ পৰা গুৱাহাটী এইমছত আৰম্ভ হ’ব শৈক্ষিক বর্ষ

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ  স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্মুখৰ পৰা ক’ভিড বিৰোধী যুঁজৰ নেতৃত্ব দিয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালী আৰু বিকশিত কৰিছে৷ মন্ত্রী ড০ শর্মাৰ নিৰলস প্রচেষ্টাৰ ফলত যোৱা চাৰিটা বছৰ অসমৰ স্বাস্থ্য সেৱাৰ উত্তৰণৰ যাত্রা হিচাপে চিহ্ণিত হৈছে৷ লখিমপুৰ মেডিকেল কলেজ হাস্পতালখন অহা ১৫ৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত আনুষ্ঠানিকভাৱে সেৱাৰ বাবে মুকলি কৰা হ’ব বুলি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে৷  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মেডিকেল কলেজখনৰ বাবে ২০১গৰাকী ষ্টাফ নার্ছ আৰু গ্রামাঞ্চলত সেৱাৰ বাবে ১৫৭গৰাকী চিকিৎসকক নিযুক্তিপত্র প্রদান কৰি মন্ত্রী ড০ শর্মাই কয় যে ২০১০ চনত পূর্বৰ কংগ্রেছ চৰকাৰৰ আমোলত লখিমপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হৈছিল৷ ২০১৪ চনত বিশেষ পৰিস্থিতিত তেওঁ স্বাস্থ্য বিভাগ এৰিবলগীয়া হয়৷

২০১৬ চনত তেওঁ পুনৰ স্বাস্থ্যমন্ত্রীৰ দায়িত্ব লোৱাৰ পিছত দেখিবলৈ পায় যে মেডিকেল কলেজখনৰ আধাৰশিলাৰ ফলকেই নোহোৱা হয়৷ পৰৱর্তী পর্যায়ত কেন্দ্রৰ পৰা লাভ কৰা ১৫০ কোটি টকা আৰু ৰাজ্য চৰকাৰৰ ২১৮ কোটি টকাকে ধৰি মুঠ ৩৭৮ কোটি টকা ব্যয়েৰে মেডিকেল কলেজখন নির্মাণৰ কাম হাতত লয়৷ ইতিমধ্যে মেডিকেল কলেজখনৰ ৯৫ শতাংশ কাম সম্পূর্ণ হৈছে৷ অহা ১৫ৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত মেডিকেল কলেজখন সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব পৰা যাব৷ ভাষণত আৰু তেওঁ কয় যে ধুবুৰী মেডিকেল কলেজৰ নির্মাণৰ কামো ৭০ শতাংশ ইতিমধ্যে সম্পূর্ণ হৈছে৷ নগাঁও মেডিকেল কলেজৰো ৭০ শতাংশ নির্মাণ সম্পূর্ণ হৈছে৷ অহা বছৰ ধুবুৰী আৰু নগাঁও মেডিকেল কলেজ আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ নলবাৰীত নির্মাণ কৰি থকা মেডিকেল কলেজখনৰো কাম ৭০ শতাংশ সম্পূর্ণ হৈছে৷ তিনিচুকীয়া মেডিকেল কলেজৰো কাম ৬০ শতাংশ সম্পূর্ণ হৈছে৷ এই বছৰ চৰকাৰে নতুনকৈ বিশ্বনাথ, চৰাইদেউ, গোৱালপাৰা, কৰিমগঞ্জত মেডিকেল কলেজ নির্মাণৰ কাম আৰম্ভ কৰিব৷ একেদৰে ধেমাজিতো নতুন মেডিকেল কলেজ স্থাপনৰ চিন্তা কৰা হৈছে৷ এসময়ত অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা বুলি কোৱা উত্তৰ অসমত এতিয়া উন্নয়ন আৰম্ভ হৈছে৷ আনহাতে গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ স্থাপনৰ বিষয়েও চৰকাৰে চিন্তা–চর্চা কৰি আছে৷ একেদৰে চাংসাৰিত নির্মীয়মাণ এইম্ছত অহা ১ নৱেম্বৰৰ পৰা শৈক্ষিক বর্ষ আৰম্ভ হ’ব৷ এইম্ছত চিকিৎসা সেৱা অহা বছৰৰ পৰা আৰম্ভ হ’ব৷

আনহাতে জিএমচিএইচত স্থাপন কৰা ৩০০ বিছনাযুক্ত কেঞ্চাৰ হাস্পতালকে ধৰি ৰাজ্যখনত নতুনকৈ ১৭খন কেঞ্চাৰ হাস্পতালৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰি কয় যে অসম চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, মঙলদৈ, তেজপুৰ, বৰপেটাত হ’বলগীয়া কেঞ্চাৰ হাস্পতালৰ নির্মাণৰ কামো ৫০ শতাংশ সম্পূর্ণ হৈছে৷ অহা ডিচেম্বৰ মাহত উক্ত কেঞ্চাৰ হাস্পতালকেইখনত কেম’থেৰাপী আৰু ৰেডিয়েচন থেৰাপী আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ ভাষণত তেওঁ আৰু কয় যে যোৰহাট, তেজপুৰ আৰু বৰপেটাত নতুনকৈ মেডিকেল কলেজ স্থাপনৰ কাম হাতত লওঁতে বিভিন্ন মহলে প্রতিবাদ, বিৰোধিতা কৰিছিল৷ কিন্তু ক’ভিড যুদ্ধৰ সময়ত ৰাইজে স্বীকাৰ কৰিছে মেডিকেল কলেজকেইখনৰ কিমান প্রয়োজন আছে৷ সেই নতুন মেডিকেল কলেজ তিনিখন নোহোৱা হ’লে এই সময়ত স্বাস্থ্য বিভাগে মৃতদেহৰ সংখ্যা হিচাপ কৰি থকাৰ বাহিৰে আন একো কৰিবলগীয়া নাথাকিলহেঁতেন৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উত্তৰণৰ খতিয়ান দাঙি ধৰি তেওঁ আৰু কয় যে পূর্বতে অসমত এমবিবিএছ পাঠ্যক্রমত আসনৰ সংখ্যা আছিল ৩৯১৷ এইবাৰ সেই সংখ্যা এহেজাৰলৈ বৃদ্ধি পাইছে৷

লখিমপুৰ মেডিকেল কলেজ হোৱাৰ লগে লগে সেই সংখ্যা ১১০০লৈ বৃদ্ধি পাব৷ পিজি পাঠ্যক্রমতো আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০০৯ চনত অসমত পি জি পাঠ্যক্রমত আসন আছিল ৩২১৷ এতিয়া সেই আসনৰ সংখ্যা ৬৬০লৈ বৃদ্ধি পাইছে৷ অদূৰ ভৱিষ্যতে এমবিবিএছ আৰু পিজিৰ আসনৰ সংখ্যা সমান কৰাৰ সপোন আছে৷ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত আইচিইউৰ সংখ্যাও ৰাজ্যখনত বৃদ্ধি পোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই সময়ছোৱাত আইচিইউৰ সংখ্যা ২৫০ৰ পৰা ৬০০লৈ বৃদ্ধি পালে৷ অহা সপ্তাহত শিলচৰ মেডিকেল কলেজ হাস্পতালত আৰু ৬০টা আইচিইউ স্থাপন হ’ব৷

You might also like