মৰিয়নিত আজমলৰ প্ৰতিমূৰ্তি দাহ
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: এ আই ইউ ডি এফ ৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিতৰ্কিত আৰু অশালীন মন্তব্যৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ প্ৰতিবাদত আজি মৰিয়নিৰ হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱৰ সদস্যসকলে বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ কৰে । মৰিয়নিৰ থানা তিনি আলিত ফেনচ ক্লাৱৰ শতাধিক সদস্যই আজমলৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে বদৰুদ্দিন আজমল মূৰ্দাবাদ, বদৰুদ্দিন আজমল নিপাত যাওক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে । হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱৰ সভাপতি দ্বীপেন চেতিয়া আৰু সম্পাদকদ্বয় জিয়াউৰ ৰহমান আৰু উত্তম ধৰে কয় বদৰুদ্দিন আজমলৰ এনে কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য নহয় । তেনে মন্তব্য কেৱল অশোভনীয়ই নহয় শান্তিপ্ৰিয় জনসাধাৰণৰ মাজত তেনে মন্তব্যই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই তুলিব পাৰে । তেনে কাৰ্য্য কেতিয়াও সহ্য কৰা নহ’ব বুলিও লগতে সকিয়াই দিয়ে । এই ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও তেওঁলোকে লগতে উল্লেখ কৰে । এই প্ৰতিবাদী কাৰ্য্যসূচীত মৰিয়নি পৌৰসভাৰ পৌৰসদস্য কস্তুৰী আগৰৱালা গগৈ আৰু চুমকি দত্ত মজুমদাৰেও অংশগ্ৰহণ কৰে ।
দিব্যজ্যোতি শইকীয়া