বঙাইগাঁৱত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা-দুটা প্ৰকল্প মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: বঙাইগাঁও সদৰ চহৰৰ আৰক্ষী চাউনীৰ খেলপথাৰত আজি অনুষ্ঠিত এখন বিশাল জনসভাত মুখ্যমন্ত্ৰী শৰ্মাই ভাচুৱেল ব্যৱস্থাৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়, উপায়ুক্তৰ সংহত কাৰ্যালয়, সন্মিলন ভৱন, ৱাকিং জোনৰ সম্পূৰ্ণ উন্নতিকৰণ, কোচ ৰজা নৰনাৰায়ণৰ প্ৰতিমুৰ্তি স্থাপন, বঙাইগাঁও পলিটেকনিক আৰু উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৱাৰ্কশ্বপ আৰু কাৰিকৰী গৱেষণাগাৰ আদিৰ শিলান্যাস কৰাৰ লগতে জিলাখনৰ সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয় আৰু অভয়াপুৰীৰ দুৰামাৰী গনেশ মন্দিৰ প্ৰাংগনৰ ভোগ গৃহ উদ্বোধন কৰে।