নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী

  • justify;”>নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি মৰিগাঁও জিলা সমিতিয়েও মৰিগাঁও নগৰৰ বিহুতলিৰ প্ৰাংগণত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। মৰিগাঁও জিলাৰ যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়ণ কৰা ধৰ্ণ‍া কাৰ্যসূচীত আঞ্চলিকসমূহৰ সতীৰ্থ, মহাবিদ্যালয় শাখাৰ ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

  • justify;”>ৰাজ্য চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তন কৰক আদি শ্লোগান-ধ্বনিৰে আকাশ-পাতাল কঁপাই তোলে। কাৰ্যসূচীৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন ৪ দফীয়া দাবীসম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ললিত চন্দ্ৰ পাচনি, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ মৰিগাঁও জিল‍া সভাপতি ইবাদুল আলী, খলিলুৰ ৰহমান, কৃষক সংঘ মুখ্য সমন্বয়ক তুলসী ডেকা উপস্থিত থাকে।

You might also like