নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাইৰ বিধায়ক আমিনুল হক লস্কৰ পজিটিভ

নিয়মীয়া বাৰ্তা,২৯ জুলাই:  ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ল অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ৷ আজি দিনৰ ভাগত তেওঁ ছ’চিয়েল মিডিয়াত এই কথা প্রকাশ কৰিছে৷ লস্কৰৰ লগতে তেওঁৰ গাড়ীচালক আৰু দুজন দেহৰক্ষীৰ শৰীৰতো এই মাৰাত্মক ভাইৰাছ ধৰা পৰিছে৷ ফেচবুকত তেওঁ জনোৱা মতে কেইবাদিন ধৰি তেওঁ জ্বৰত ভুগি আছিল৷ সেয়ে বিগত দিনকেইটাত চৰকাৰী–সামাজিক কার্যসূচীৰ পৰা তেওঁ আঁতৰত আছিল৷ সচেতন নাগৰিক হিচাপেই উপাধ্যক্ষগৰাকীয়ে সকলো চৰকাৰী কার্যসূচী বাতিল কৰিছিল৷

ইপিনে, চিকিৎসকে প্রকাশ কৰা মতে আমিনুল হক লস্কৰৰ স্বাস্থ্য বর্তমান সন্তোষজনক৷ তেওঁৰ মধুমেহ ৰোগ আছে যদিও চিন্তাৰ কোনো কাৰণ নাই৷ অৱশ্যে শৰীৰত ক’ৰোনাৰ উপসর্গ ধৰা পৰাৰ পৰিপ্রেক্ষিতত তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰা হ’ব৷ লক্ষণীয় যে লস্কৰৰ পৰিয়ালৰ আন কোনো এজন সদস্যৰে নমুনা পজিটিভ হোৱা নাই৷ ছ’চিয়েল মিডিয়াত বিধানসভাৰ উপাধ্যক্ষ তথা সোণাই সমষ্টিৰ বিধায়ক লস্কৰৰ আহ্বান–যিসকল লোক যোৱা এসপ্তাহত তেওঁৰ সংস্পর্শলৈ আহিছিল তেওঁলোকে যাতে মুকলিকৈ ঘূৰি নুফুৰি ক’ভিড–১৯ৰ টেষ্ট কৰায়৷

You might also like