আমচৈ চাহ বাগিচাত হোম কৰেইন্টাইনত থকা কভিড ৰোগীক শ্ৰমিকৰ আৰ্থিক সাহায্য
নিয়মীয়া বাৰ্তা,৩মেঃআমচৈ ৰাজ্যিক চিকিৎসালয়ত কৰোণা পৰীক্ষাত পজিটিভ ওলোৱাত আমচৈ চাহ বাগিচাৰ তনুত তাঁতী নামৰ এজন শ্ৰমিক বিগত সাত দিন ধৰি হোম কোৰেইন্টাইনত থকাৰ পিছতো পুনৰ পৰীক্ষা কৰাত কৰোণা পজিটিভ হোৱাত পুনৰ হোম কৰেইন্টাইনত থাকিবলগীয়া হয় । ইফালে শ্ৰমিকজনৰ পৰিয়ালত আন উপাৰ্জনশীল মানুহো নাই । চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্যও পোৱা নাই ।
এনেকুৱা অৱস্থাত পৰিয়ালটোক আৰ্থিক সকাহ দিবৰ বাবে আমচৈ চাহ বাগিচা উৎকল তাঁতী সমাজ নামৰ সংগঠনটোৱে শ্ৰমিক সকলৰ পৰা বৰঙণি তুলি পৰিয়ালটোক এক হাজাৰ এক টকা আৰ্থিক সাহায্য আগবঢ়ায় । উক্ত সংগঠনটোৱে স্বতঃস্ফূৰ্তভাবে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আমচৈ অঞ্চলৰ সকলোৱেই ভূয়সী প্ৰশংসা কৰিছে । সংগঠনটোৱে পৰিয়ালটোক অধিক আৰ্থিক সাহায্য আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।