নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাৰ ৰাজনৈতিক ইতিহাসে লগ এৰিছে ৰাজনৈতিক দলক

শেহতীয়া পাঁচটাকৈ নিৰ্বাচনত এজন বিধায়ক, ,এটা দলে এবাৰহে জয়ী হৈছে ৰহাত

নিয়মীয়া বাৰ্তা  ৩ মেঃ মধ্য অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত ৮২ নং ৰহা বিধানসভা সমষ্টিৰ কালি ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শশীকান্ত দাস বিজয়ী হৈছে। সমষ্টিটোৰ অসম গণ পৰিষদ দলৰ শক্তিশালী প্ৰাৰ্থী বিষ্ণু দাসক ১৩০৫৮ ভোটৰ ব্যৱধানত পৰাস্ত কৰে কংগ্ৰেছৰ প্ৰাৰ্থী শশীকান্ত দাসে ৰহাৰ  বিধায়ক হিছাপে নিৰ্বাচিত হয়। উল্লেখ্য যে, ৰহাৰ ৰাজনৈতিক ইতিহাসত শেহতীয়া পাঁচটাকৈ বিধানসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে বা বিধায়কে একেৰাহে দ্বিতীয়বাৰৰ বাবে বিধায়কৰ আসন দখল কৰিবলৈ সক্ষম হোৱা নাই আৰু শেহতীয়াকৈ কালি ঘোষণা কৰা ফলাফলতো সেই ইতিহাস অক্ষত হৈ থাকিল।

উল্লেখ্যে যে, ১৯৯১চনৰ পৰা ২০০১ চনলৈকে অসম গণ পৰিষদৰ গহীন চন্দ্ৰ দাসে একেৰাহে দুবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যদিও ২০০১চনত কংগ্ৰেছৰ আনন্দৰাম বৰুৱা, ২০০৬ চনত এআইইউডিএফৰ গুণেশ্বৰ দাস,২০১১ চনত কংগ্ৰেছৰ পিযুষ হাজৰিকা, ২০১৬ চনত মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী ডিম্বেশ্বৰ দাস আৰু ২০২১ চনত কংগ্ৰেছৰ শশীকান্ত দাস জয় হৈছে।এনে পৰিসংখ্যাৰ পৰা দেখা পোৱা অনুসৰি এই পাঁচটাকৈ নিৰ্বাচনত কোনোটো ৰাজনৈতিক দল অথবা বিধায়কে ধাৰাবাহিক ভাৱে দ্বিতীয়বাৰ সমষ্টিৰ বিধায়ক হোৱা নজিৰ নাই । কিন্তু ইয়াৰ পূৰ্বে অৰ্থাৎ দেশ স্বাধীনতাৰ পাছত  ১৯৫২ চনৰ পৰা ১৯৭৯ চনলৈকে কংগ্ৰেছ দলে পাঁচবাৰকৈ আৰু ১৯৮৫ চনৰ পৰা ধাৰাবাহিক ভাৱে ১৯৯৬ চনলৈকে অসম গণ পৰিষদ দলে জয় লাভ কৰি ৰেকৰ্ড কৰি থৈছে। কিন্তু এই পূৰ্ব ৰেকৰ্ডক বৰ্তমানৰ মিত্ৰজোঁটে ভংগ কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও মুৰকত বিফল হ’ল মিত্ৰজোঁট।

মনকৰিবলগীয়া বিষয় যে, কংগ্ৰেজ-ইউডিএফৰ মহাজোঁট বন্ধনৰ বাবে ৰহা সমষ্টি কংগ্ৰেছ দলে দখল কৰিবলৈ সক্ষম হ’ল। তথ্য অনুসৰি বিগত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শশীকান্ত দাসে ৪৩,৮৬৭ আৰু ইউডিএফৰ গুণেশ্বৰ দাসে -৩৮,৭৬৭ টা ভোট লাভ কৰা বিপৰীতে মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী ডিম্বেশ্বৰ দাসে লাভ কৰিছিল ৭৬,৯৪১ভোট। সেইদৰে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ-ইউডিএফৰ মহাজোঁটে  লাভ কৰিছিল-৮৫,৩০০ টা ভোট আৰু বিজেপিৰ ৰূপক শৰ্মাই লাভ কৰিছিল ৮৩,৬৬০ টা ভোট। কিন্তু ২০২১ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শশীকান্ত দাসে ৮৯,৫১১ টা আৰু মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী বিষ্ণু দাসে ৭৬,৪৫৩ টা ভোট লাভ কৰে। ফলাফলত ১৩০৫৮ টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী শশীকান্ত দাসে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

ইয়াৰ লগতে নৱগঠিত অসম জাতীয় পৰিষদেও সমষ্টিত বিশেষ ভাৱে প্ৰভাৱ পেলাবলৈ সক্ষম হয়। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী উৎপল বনিয়াই তৃতীয় স্থান লাভ কৰি ৫,৬১৬ টা ভোট লাভ কৰে। ইয়াৰ বিপৰীতে চতুৰ্থ স্থান লাভ কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ৰুবুল দাসে লাভ কৰে মাত্ৰ ২২৮৯টা ভোটহে লাভ কৰে। উল্লেখ্য যে, প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসে নিৰ্বাচনৰ দুদিনৰ আগত অগপ প্ৰাৰ্থী গৰাকীক সমৰ্থন কৰি বিজেপিত যোগদান কৰে যদিও ১২১৪ টা ভোট লাভ কৰে।ইয়াৰ লগতে জনতা দলৰ মনি দাসে ১১১০ টা; নিৰ্দলীয় প্ৰাৰ্থী চিত্ৰলেখা দাসে ১১৩৯ টা ভোট লাভ কৰা বিপৰীতে ন’টা ভোটদান কৰিছে ১৫১৭ জন ভোটাৰে। উল্লেখনীয় যে, ৰহা সমষ্টিত কংগ্ৰেছ দলে জয়লাভ কৰিলেও যদিও বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠনৰ নিশ্চিত হোৱাৰ পাছত বিৰোধী বিধায়ক হিচাপে ৰহা সমষ্টিত শশীকান্ত দাসে কিদৰে উন্নয়নত সাধন কৰিবলৈ সক্ষম হ’ব সেয়া সময়তহে দেখা যাব।

You might also like