নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত পশুখাদ্য বিতৰণত খেলিমেলি : তদন্তৰ দাবীত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৮ জুলাই : কামৰূপৰ নৱগঠিত ২৩নং ছমৰীয়া ৩নং মালিবাৰী পথাৰ গাঁৱৰ ৫নং ৱাৰ্ডত বান দুৰ্যোগৰ পৰত পশুখাদ্য বিতৰণত ব্যাপক খেলিমেলিৰ অভিযোগ আৰু তদন্তৰ দাবীত ৰাইজে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। অভিযোগ অনুসৰি চুবুৰীয়া গাঁওবোৰত পশুখাদ্য যোগান ধৰা হ’ল সাত-আঠ কিলোগ্ৰামকৈ তাৰ বিপৰীতে ৫নং ৱাৰ্ডত হেনো দিলে মাত্ৰ ৭০০ গ্ৰামকৈহে! কৃষিপ্ৰধান গাঁওখনৰ ৰাইজৰ মাজত বানপানীত পোহনীয়া গৰু-ম’হৰ ভীষণ খাদ্য সংকটে দেখা দিছে। তাতে মাত্ৰ ৭০০ গ্ৰামকৈ খাদ্য যোগানত সংশ্লিষ্ট গঞাই ক্ষোভহে উজাৰে। গাঁওপ্ৰধান আৰু পশুপালন বিভাগে জৰীপ নকৰাকৈ পশুখাদ্য যোগান ধৰাৰ বাবেই এনে অনিয়ম সংঘটিত হোৱাৰো অভিযোগ। উপায়বিহীন বানাক্ৰান্ত গঞাই বিষয়টোৰ নিৰপেক্ষ তদন্ত আৰু অধিক পৰিমাণৰ পশুখাদ্য যোগানৰ দাবীৰে সাৱ্যস্ত কৰে এই প্ৰতিবাদ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like