নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিন খঙীয়াক আনন্দ কেওট বঁ‌টা, জেকিহ’ আচুমিক দিগন্ত শৰ্মা বঁ‌টা প্ৰদান

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ যোৰহাট জিলাৰ অন্যতম উল্লেখনীয় উচ্চ শিক্ষানুষ্ঠান চিনামৰা মহাবিদ্যালয়ত আজি এক বঁ‌টা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। আজি চিনামৰা মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত বাৰ্তালোচনী বিশ্বমুখী যুগবাৰ্তাৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ, মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান অধ্যয়ন গৱেষণা কেন্দ্ৰ, তামিলনাডুৰ ইণ্ডিয়ান একাডেমিক ৰিচাৰ্ছাৰ্ছ এছ’চিয়েছন আৰু আৰ চি ইউ এনৰ সহযোগত গুৰু মহীয়ান আনন্দ কেওঁ‌ট স্মাৰক বঁ‌টা আৰু শিক্ষক- সমাজকৰ্মী দিগন্ত শৰ্মা স্মাৰক বঁ‌টা প্ৰদান কৰা হয়। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিগত কেবাটাও বছৰ ধৰি প্ৰদান কৰি অহা গুৰু মহীয়ান আনন্দ কেওট বঁ‌টা এইবাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° বিপিন খঙীয়া আৰু শিক্ষক-সমাজকৰ্মী দিগন্ত শৰ্মা স্মাৰক বঁ‌টা চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ মোককচাং জিলাৰ আকাহুটু বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জেকিহ’ আচুমিক প্ৰদান কৰা হয়। আজি এই উপলক্ষ্যে চিনামৰা মহাবিদ্যালয়ৰ সভাকক্ষত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত এই বঁ‌টাসমূহ প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ পৰা প্ৰকাশিত বাৰ্তালোচনী বিশ্বমুখী যুগবাৰ্তাৰ সম্পাদক তথা অধ্যাপক ড° দ্বীপেন নাথে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আঁ‌ত ধৰা সভাখনৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যাপক অচ্যুত দত্তৰ পৰিচালনাত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বৰগীতেৰে অনুষ্ঠান আৰম্ভ কৰা হয়। ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই আঁ‌ত ধৰা বঁ‌টা প্ৰদান অনুষ্ঠানত ড° বিপিন খঙীয়াক এইবৰ্ষৰ গুৰু মহীয়ান আনন্দ কেওট স্মাৰক বঁ‌টা প্ৰদান কৰা হয়। আনহাতে, একেটা অনুষ্ঠানতে শিক্ষক, সমাজকৰ্মী দিগন্ত শৰ্মা স্মাৰক বঁ‌টা প্ৰদান কৰা হয় নগালেণ্ডৰ জেকিহ’ আচুমিক। উক্ত বঁ‌টাত সুদৃশ্য স্মাৰক, সম্বৰ্ধনা পত্ৰ, গামোচা, চেলেং, মেডেল, পৰিৱেশ অনুকূল মহাবিদ্যালয়ৰ বিশেষ মোনা, কাগজৰ কলম, গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰা হয়। বঁ‌টা গ্ৰহণ কৰি দুয়োগৰাকী শিক্ষাবিদে এইয়া এক অনন্য প্ৰাপ্তি বুলি অভিহিত কৰে। এনে ধৰণৰ বঁ‌টা-বাহনে অনুপ্ৰাণিত কৰাৰ লগতে মনোবল বৃদ্ধি কৰে বুলি উল্লেখ কৰি এই বঁ‌টাই আজিৰ পৰা দায়বদ্ধতা বঢ়াই তুলিলে বুলিও উল্লেখ কৰে । তাৰোপৰি দুগৰাকীকৈ প্ৰয়াত শিক্ষাগুৰুৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ মানসেৰে চিনামৰা মহাবিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে কাৰ্য্যৰ শলাগ লয় দুয়োগৰাকী বঁ‌টাপ্ৰাপকে। বিশেষকৈ জেকিহ’ আচুমিয়ে বঁ‌টা গ্ৰহণ কৰি অভিভূত হৈ পৰাৰ লগতে নগালেণ্ডৰ এজন শিক্ষকক অসমৰ এখন শিক্ষানুষ্ঠানে এইদৰে স্বীকৃতি দিয়া কাৰ্য্য অত্যন্ত আদৰণীয় বুলি উল্লেখ কৰাৰ লগতে এনে মহৎ কামে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত সমন্বয়ৰ এক সুদৃঢ় ভেঁটি গঢ়াত সহায় কৰিব বুলিও মন্তব্য কৰে। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰিমেন বৰদলৈয়েও সাৰুৱা বক্তব্য প্ৰদান কৰে। সভাত প্ৰয়াত আনন্দ কেওটৰ পৰিয়ালৰ হৈ অঞ্জুমনি বৰুৱা আৰু প্ৰয়াত দিগন্ত শৰ্মাৰ পৰিয়ালৰ হৈ অধ্যাপিকা ড° বৰ্ণালী বৰঠাকুৰে বক্তব্য প্ৰদান কৰি দুয়োগৰাকী বঁ‌টা প্ৰাপকলৈ অভিনন্দন জনোৱাৰ লগতে চিনামৰা মহাবিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। দুয়োগৰাকী বক্তাই ভৱিষ্যতলৈও এই বঁ‌টা আগবঢ়াই যোৱাৰ পোষকতা কৰে। এই সভাতেই মহাবিদ্যালয়ৰ পৰা বিগত প্ৰায় এটা দশকৰো অধিক কাল ধৰি ধাৰাবাহিকভাৱে প্ৰকাশ পাই অহা বাৰ্তালোচনী ‘বিশ্বমুখী যুগবাৰ্তা’ৰ এইবাৰৰ সংখ্যা উপস্থিত অতিথিসকলে উন্মোচন কৰে। আনহাতে, এই সভাতে বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° গিৰিশ বৰুৱাৰ ‘শিক্ষা জগতত এভুমূকি’ শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰা হয়। একেটা অনুষ্ঠানতে অধ্যাপক ৰঞ্জু কুমাৰ ভৰালীয়ে আগবঢ়োৱা লক্ষ্মীনাথ ভৰালী স্মৃতি বঁ‌টা এইবাৰ স্নাতক শাখাৰ অৰ্থনীতি বিভাগৰ ছাত্ৰী পিংকী বৰাক প্ৰদান কৰা হয়। সভাৰ সভাপতি শিক্ষাবিদ আনন্দ শইকীয়াই শিক্ষাগুৰুৰ মৰ্য্যদা অক্ষুণ্ণ ৰাখিবলৈ শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায়। আনহাতে, ইয়াৰ পূৰ্বে পুৱা স্মৃতি তৰ্পন অনুষ্ঠানত আনন্দ কেওট আৰু দিগন্ত শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত কৰঙা উচ্চতৰ বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জু দত্তই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অধ্যাপক সীমান্ত বৰাই শলাগৰ শৰাই আগবঢ়োৱা মনোগ্ৰাহী সভাখনত কেবাজনো বিশিষ্ট ব্যক্তি, মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ আদিয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like