নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তিৰ পূর্বেই মঞ্জুল বৰুৱা পৰিচালিত বোলছবি ‘অনুৰ’লৈ বিশেষ সন্মান

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: অসমীয়া চলচ্চিত্র উদ্যোগলৈ আন এক আশাৰ বতৰা কঢ়িয়াই তেজপুৰৰ পৰা শিৱম ক্রিয়েচনৰ ডাঃ গোপেন্দ্র মোহন দাসৰ দ্বাৰা প্রযোজিত বহুল চর্চিত ‘অনুৰ’ এইবাৰ ভাৰতৰ বিখ্যাত ‘কেৰালা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱলৈ  নির্বাচিত হৈছে৷Indian Cinema Now শাখাত ভাৰতৰ বছৰটোৰ শ্রেষ্ঠ ৭খন চিনেমাৰ ভিতৰত ‘অনুৰ’ অন্তর্ভুক্তি হোৱাত তেজপুৰবাসীৰ লগতে ৰাজ্যখনৰ চলচ্চিত্র প্রেমীসকলে গৌৰৱ অনুভৱ কৰিছে৷ উল্লেখ্য যে তেজপুৰৰ সচেতন সাংস্কৃতিক কর্মী তথা বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্র মোহন দাস প্রযোজিত, বহু চর্চিত ‘অনুৰ’ পৰিচালনা কৰিছে এগৰাকী দক্ষ যুৱ পৰিচালক তথা বহুকেইটা ৰাজ্যিক–ৰাষ্ট্রীয় সন্মানেৰে বিভূষিত মঞ্জুল বৰুৱাই৷ আনহাতে, মুম্বাইৰ ছিৰিয়াছ অভিনেতা ৰজত কাপুৰেও অভিনয় কৰা এই চলচ্চিত্রখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে ইতিমধ্যে বহু মঞ্চ নাট আৰু চলচ্চিত্রত মননশীল অভিনয়ৰে ৰাজ্যখনৰ ৰুচীশীল দর্শকৰ সমাদৰ লাভ কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ আজীৱন সদস্যা ডাঃ জাহানাৰা বেগমে৷ ৰাজ্যখনৰ বিশিষ্ট গল্পকাৰ–ঔপন্যাসিক, সাংবাদিক সাহিত্য অকাডেমি বঁটাপ্রাপক অনুৰাধা শর্মা পূজাৰীৰ গল্প সংকলন ‘এজন পুৰুষ আৰু এজনী নাৰী গল্প’ৰ ‘ভাল পোৱাৰ সময়’ শীর্ষক এটি বিশেষ গল্পৰ কাহিনীৰ আধাৰত মঞ্জুল বৰুৱাৰ চিত্রনাট্য আৰু সংলাপ, সুমন দুৱৰাৰ চিনেমাটোগ্রাফী, জনপ্রিয় কণ্ঠশিল্পী তৰালী শর্মাৰ সংগীত, অমৃত প্রীতমৰ ছাউণ্ড ডিজাইন, গৰিমা শইকীয়া গার্গৰ কষ্টিউম, তীব্রজ্যোতি বৈৰাগীৰ ৰূপসজ্জা, টোৱেন চাঙৰ সম্পাদনা, পণজিৎ চাংমাইৰ কলা নির্দেশনা, মুম্বাইত খ্যাতি লাভ কৰা অসম সন্তান দেৱজিৎ চাংমাইৰ ৰি ৰেকর্ডিং আৰু মিক্সিং, দেৱজিৎ গায়নৰ লোকেচন ছাউণ্ডৰ ‘অনুৰ’ৰ আন বিভিন্ন চৰিত্র ৰূপায়ণ কৰিছে ক্রমে– বলোৰাম দাস, উদয়ন দুৱৰা, বিভূতি ভূষণ হাজৰিকা, বিদ্যাভাৰতী, কুল কুলদীপ, ৰাজশ্রী শর্মাকে ধৰি দক্ষ অভিনেতা–ভিনেত্রীয়ে৷ অহা ২৭ জানুৱাৰীত মুক্তি লাভ কৰিব লগা ‘অনুৰ’– এ মুক্তিৰ পূর্বেই সন্মানীয় কেৰালা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱলৈ নির্বাচিত হোৱাত স্বাভাৱিকতে উৎফুল্ল হৈ পৰিছে তেজপুৰবাসী৷ ইতিমধ্যে তেজপুৰৰ বাণ থিয়েটাৰৰ পৰিয়ালে প্রয়োজকৰ লগতে অভিনেত্রী ডাঃ জাহানাৰা বেগম প্রমুখ্যে চলচ্চিত্রখনৰ সৈতে জডিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like