নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক কেবিনেটত গুৱাহাটীৰ বেতকুছিত সংহত সঞ্চালকালয়ৰ বাবে ধন অনুমোদন

বিশেষ বাৰ্তা, ৫ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে কালি গ্রহণ কৰিলে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ সাধাৰণ ৰাইজৰ বিকাশৰ লক্ষ্যৰে চহৰ গেছ বিতৰণ নীতি, সংহত সঞ্চালকালয় কমপ্লেক্স, ভূমিজনিত সমস্যাৰ নিষ্পত্তি, শিশুকালৰ প্রাথমিক শিক্ষা–যত্ন আৰু যাতায়াত ব্যৱস্থাৰ উন্নীতকৰণৰ লক্ষ্যৰে কেইবাটাও প্রকল্পত অনুমোদন জনায়৷ কেবিনেটে আজি যান–জঁটৰ সমস্যা হ্রাসৰ লক্ষ্যৰে ৯টা প্রকল্পৰ কনছালটেন্সী ছার্ভিচৰ বাবে মনোনয়নৰ ভিত্তিত ২৪.৫৭ কোটি টকাৰ ৰাইটছ লিমিটেডক দায়িত্ব প্রদান কৰে৷ কেবিনেটে অনুমোদন জনোৱা এই প্রকল্পসমূহত আছে শিলচৰৰ তাৰাপুৰ–শিৱবাৰীৰ ওচৰত পথ নির্মাণ, গুৱাহাটীৰ জি এছ ৰোডৰ ডাউন টাউন হাস্পতালৰ সমীপত উৰণীয়া সেতু, গুৱাহাটীৰ আৰ কে চৌধুৰী ৰোডৰ ফটাশিল চাৰিআলিত উৰণীয়া সেতু নির্মাণ, গুৱাহাটীৰ জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু নির্মাণ, গুৱাহাটীৰ গড়লৰ পৰা পলাশবাৰীলৈ (প্রায় ৭.৫ কিলোমিটাৰ) অসম ট্রাংক ৰোড নির্মাণ, ৰাণী–কইনাধৰা পথৰ দীপৰবিলৰ সীমাত আজাৰা আৰু কামাখ্যা ৰে’লপথৰ সমান্তৰালভাৱে অৱস্থিত সাতটা হাতীৰ কৰিড’ৰত আণ্ডাৰ পাছ নির্মাণ আৰু শ্বহীদ স্মাৰক–কইনাধৰা পথৰ মাজত দীপৰবিলৰ ওপৰেৰে দুটা এলিভেটেড পথ নির্মাণ৷ কেবিনেটে আজি চহৰ গেছ বিতৰণ (চিজিডি) নেটৱর্কৰ প্রসাৰৰ বাবে অসম চহৰ গেছ বিতৰণ নীতি ২০২২ত অনুমোদন৷ ইয়াৰ জৰিয়তে পৌৰসভাৰ সংস্থাসমূহৰ দ্বাৰা নিজ নিজ চহৰ–নগৰ সীমাৰ ভিতৰত চি এন জি ষ্টেচনসমূহত নিয়ন্ত্রণকে ধৰি একক বাণিজ্যিক অনুজ্ঞা–পত্র প্রদানৰ বাবে নিয়ম জাৰি কৰা হ’ব৷ তদুপৰি নগৰ অঞ্চলৰ মাষ্টাৰ প্লেনিঙৰ সময়ত পাইপ লাইন আৰু চি এন জি ষ্টেচনৰ লেণ্ড বেংকৰ বাবে ব্যৱহাৰিক কৰিড’ৰ স্থাপন কৰা হ’ব৷ কেবিনেটে আজি গুৱাহাটীৰ বেতকুছিত সংহত সঞ্চালকালয় কমপ্লেক্স নির্মাণৰ বাবে ৮০৮.৪ কোটি টকাৰ সংশোধিত প্রশাসনিক অনুমোদন জনায়৷ এই অনুমোদনৰ জৰিয়তে গুৱাহাটীত অৱস্থিত সকলো সঞ্চালকালয় এই কমপ্লেক্সৰ অন্তর্ভুক্ত হ’ব৷ কেবিনেটে আজি উত্তৰ গুৱাহাটী ৰাজহ চক্রৰ চিলা সিন্ধুৰীঘোপা মৌজাৰ অধীনৰ চিলা গ্রাণ্টৰ ২৫টা পৰিয়ালক ভূমিৰ প্রিমিয়ামত প্রতি কঠাত এহেজাৰ টকালৈকে শিথিলতাৰে ৫ বিঘা ১ কঠা আৰু ৩ লেচা ভূমি প্রদান কৰাৰ সিদ্ধান্ত লয়৷ আজিৰ কেবিনেট বৈঠকত ৰাষ্ট্রীয় শিক্ষা নীতিৰ সৈতে সংগতি ৰাখি বুনিয়াদী শিক্ষা আৰু প্রাথমিক শিশুৰ যত্ন–শিক্ষাৰ সামগ্রিক লক্ষ্যত উপনীত হ’বলৈ বিশেষ পদক্ষেপৰ সিদ্ধান্ত লয়৷ সেই অনুসৰি অংগনৱাড়ী কেন্দ্রত ৩ বছৰীয়া শিশুৰ বাবে অংকুৰ শ্রেণী, ৪ বছৰীয়া শিশুৰ বাবে মুকুল শ্রেণী, ৫ বছৰীয়া শিশুৰ বাবে ক শ্রেণী, ৬–৭ বছৰৰ বয়সৰ শিশুৰ বাবে প্রথম শ্রেণী আৰু ৭–৮ বয়সৰ শিশুৰ বাবে দ্বিতীয় শ্রেণীৰ ব্যৱস্থা কৰা হৈছে৷

You might also like