নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পীক মৰিয়নিত সম্বৰ্দ্ধনা

বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ঝুমইৰ বিনন্দিনী বিশ্ব অভিলেখত অংশগ্ৰহণ কৰা মৰিয়নিৰ নাগিনীজান আৰু চটাই চাহ বাগিচাৰ শিল্পীসকলক আজি সম্বৰ্দ্ধনা জনোৱা হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ নাগিনীজান প্ৰাথমিক গোটৰ উদ্যোগত নাগিনীজান চাহ বাগিচাৰ কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত এই শিল্পী সম্বৰ্দ্ধনা অনুষ্ঠানত বাগিচাখনৰ পৰা বিশ্ব অভিলেখৰ অনুষ্ঠানত অংশ লোৱা মুঠ ৪৯গৰাকী শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। এই উপলক্ষে নাগিনীজান চাহ বাগিচাৰ পৰিচালক ফনিধৰ ৰজ্জকৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্দ্ধনা সভাখনৰ আঁ‌ত ধৰে ‘আছা’ৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিতুল কুৰ্মীয়ে। সভাত নকছাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষা ৰাজশ্ৰী বৰুৱা, আছাৰ যোৰহাট জিলা সমিতিৰ উপ-সভাপতি ৰিবু নায়ক, সমাজকৰ্মী অতুল কুৰ্মী, সঞ্জয় কাৰ্জী গনেশ নায়ক, অমৰজ্যোতি বৰুৱা আদি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰি শিল্পীসকলক উৎসাহিত কৰে। অংশগ্ৰহণকাৰী শিল্পীসকলৰ একাংশই সভাখনত বিশ্ব অভিলেখত অংশগ্ৰহণ কৰি লাভ কৰা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। ঝুমুইৰ শিল্পীসকলক গামোচা, সম্বৰ্দ্ধনা পত্ৰ আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like