নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচলৰ সীমা সমস্যাৰ বুজ ল’বলৈ সীমান্তত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ অসম অৰুণাচল সীমান্তৰ বিবদমান অঞ্চল মইনাজুলিত আজি দিনৰ প্ৰায় ১২ বজাত কেবিনেট মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয়৷ বান্দৰদেৱাৰ সীমান্তৱতী অঞ্চলৰ সীমা সমস্যাৰ স্বজমিন তদন্তৰ বুজ ল’বলৈ আহি কেবিনেট মন্ত্ৰী গৰাকীয়ে ৰাইজৰ উদ্দেশ্য কয় যে ৰাইজৰ ভয়ৰ কোনো কাৰণ নাই ৷দুয়ো ৰাজ্যৰ জনসাধাৰণৰ মতামত সাপেক্ষে সীমা সমস্যাৰ সমাধানৰ পথ মুকলি হ’ব৷ অসমৰ ৰাইজৰ বসতিপ্ৰধান এলেকাৰ মাটি অৰুণাচলক এৰি দিয়াৰ কোনোধৰণৰ প্ৰশ্ন ইয়াত নাথাকিব৷ এই দাবীও মন্ত্ৰীগৰাকীৰ৷ মন্ত্ৰীগৰাকীৰ সৈতে অৰুণাচলৰ মন্ত্ৰী বিধায়কৰ লগতে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলৰ লগত এখন বৈঠকত অংশগ্ৰহণ কৰে।ইয়াৰ পাছতেই কেবিনেট মন্ত্ৰী গৰাকীয়ে সীমান্তৱতী ৰঙা ৰিছাৰ্ভ, কাছজুলী, ফুলবাৰী, ৰামপুৰ, কিমিন, জুমি ,দ্ৰোপাং আদি অঞ্চলত ভ্ৰমণ কৰি সীমা সমস্যাৰ বুজ লয়৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাই কেবিনেট মন্ত্ৰী কেশৱ মহন্তক বান্দৰদেৱাৰ সীমান্তৱতী মইনাজুলিত সাক্ষাৎ কৰি অসম -অৰুণাচলৰ সীমা সমস্যাৰ সমাধানৰ দাবী জনোৱাৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷লখিমপুৰ জিলা ছাত্ৰ সন্থাই অভিযোগত প্ৰকাশ কৰামতে, অসম আৰু অৰুণাচল ৰ সীমা সমস্যা এটি দীৰ্ঘ দিনীয়া সমস্যা ইয়াক স্থায়ী ভাবে সমাধান হোৱাটো সকলোৱে বিচাৰে । কিন্তু অতি পৰিতাপৰ বিষয় যে আজি বহু বছৰ ধৰি লখিমপুৰ জিলা খনৰ সীমান্তৱতী অঞ্চল সমূহত ব্যাপক ৰূপত অৰুণাচলৰ লোকে অৰুণাচল চৰকাৰ ৰ সহযোগত ভয় ভাবুকি দেখুৱাই বেদখল কৰাৰ লগতে অসমৰ সংৰক্ষিত বানাঞ্চল সমূহ ধ্বংস কৰি আহিছে লগতে অতি শেহতীয়া ভাৱে আলোচনা হোৱাৰ পাছতো নতুন নতুন পদ্ধতিৰে অসমৰ ভূমি সমূহ দখল কৰিছে। এই সম্পৰ্কত লখিমপুৰ জিলা প্ৰশাসন য়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দৃষ্টিগোচৰ হোৱা নাই। লখিমপুৰ জিলাৰ ৰাজগড়, পিছলা, তাৰাজুলি, ৰঙা ৰিছাৰ্ভ, বান্দৰদেৱা, কাছজুলী, ফুলবাৰী, ৰামপুৰ, কিমিন, জুমি, দ্ৰোপাং আদি জনবসতি পূৰ্ণ অঞ্চলত আগ্ৰাসী ৰূপ লৈ বেদখল কৰা দৃষ্টিগোচৰ হৈছে। হাৰমতি অঞ্চলত থকা গুমটো গেট পূৰ্বৰ ঠাইৰ পৰা উঠাই আনি অসমৰ ভূমিত স্থাপন কৰিলে। ৰামপুৰ অঞ্চলৰ সংৰক্ষিত বনাঞ্চল ৰ মাজেৰে বনাঞ্চল ধ্বংস কৰি পথ নিৰ্মান কৰা দৃষ্টিগোচৰ হৈছে। দুলুং সংৰক্ষিত অঞ্চল চিয়া নাহৰৰ বাবে বিখ্যাত। উক্ত অঞ্চলত ব্যাপক বেদখল প্ৰতিদিনে কৰি থকা দৃষ্টিগোচৰ হৈছে। জনবসতিপূৰ্ণ, বনজ সম্পদত চহকী অসমৰ অতি মূল্যবান অঞ্চল সমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আৰু নিশ্চুপ হৈ বহি থকা জিলা প্ৰশাসন ক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লবৰ বাবে মন্ত্ৰী কেশৱ মহন্তক স্মাৰকপত্ৰ প্ৰদান কৰি দাবী জনাই জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সম্পাদক স্বৰাজ শংকৰ গগৈৰ নেতৃত্বত আছুৰ এটি সজাতি দলে৷ ইফালে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাৰমতী আঞ্চলিক সভাপতি পৰমানন্দ দাস আৰু সম্পাদক ৰূপম শইকীয়াৰ নেতৃত্বত যোৱা এটি দলে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান আৰু অৰুণাচলীৰ অসমৰ ভূমি আগ্ৰহণ ৰোধ কৰাৰ দাবীত কেবিনেট মন্ত্ৰী কেশৱ মহন্তক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

প্ৰেৰক মুকুল ভূঞা

You might also like