নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুজন কৰ্মচাৰীৰে চলিছে নয়া বজাৰ অসম গ্ৰামীণ বিকাশ বেংকঃ নিতৌ বিকল হয় ইণ্টাৰনেট

গ্ৰাহকৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ মাজুলী জিলাৰ নতুন বজাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ ইণ্টাৰনেট সেৱা নিতৌ বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে উজনি মাজুলীৰ ৮ খন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ উপৰি লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰো প্ৰায় তিনি-চাৰিখন পঞ্চায়তৰ জনসাধাৰণে উজনি মাজুলীৰ নতুন বজাৰত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ একমাত্ৰ শাখাটোতে দীৰ্ঘদীনে লেনদেন কৰি আহিছে। কিন্তু বিগত কেইমাহমান ধৰি বেংকটোৰ ইণ্টাৰনেট সেৱা প্ৰায়েই বিকল হৈ পৰাত বেংকৰ কাম-কাজ বন্ধ হৈ পৰাৰ ফলত দূৰ-দূৰণিৰ পৰা গ্ৰাহকসকলে টকা জমা আৰু উলিয়াবলৈ আহি বিমুখ হৈ ঘুৰি যাব লগা হৈছে। বেংকটোৰ ইণ্টাৰনেট সেৱা সক্ৰিয় কৰাৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষ নাইবা উৰ্দ্ধতন কৰ্তৃপক্ষই জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত গ্ৰাহকসকলে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে জাঙুৰ খাই উঠিছে।

আনহাতে বেংকটোত লক্ষ্যাধিক গ্ৰাহকৰ বিপৰীতে দুজন কৰ্মচাৰী হোৱাৰ উপৰি গ্ৰাহকসকলক পাচবুক, টকা উঠোৱা ৰছিদকে ধৰি প্ৰয়োজনীয় সুবিধাসমূহ দিব নোৱাৰাৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকসকলে। এই সন্দৰ্ভত ইতিপূৰ্বে ‘নিয়মীয়া বাৰ্তা’ত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল যদিও বেংক কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত গ্ৰাহকসকলক প্ৰয়োজনীয় সুবিধা দিয়াত ব্যৰ্থ হৈছে বেংক কৰ্তৃপক্ষ।

আনহাতে ইয়াৰ পূৰ্বেও বাৰে বাৰে বেংকটোৰ ইন্টাৰনেট সেৱা বিকল হোৱাৰ ফলত গ্ৰাহকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল। স্মৰ্তব্য যে বেংকটোৱে গ্ৰাহকসকলক সুবিধা প্ৰদানত ব্যৰ্থ হোৱাত উজনি মাজুলীৰ জনসাধাৰণে বিগত বৰ্ষত আঞ্চলিক প্ৰৱন্ধকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। যি সময়ত ৰাজ্য চৰকাৰে মাজুলীক বিনামূলীয়া ৱাইফাই জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছে সেই সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিত বেংকৰ ইণ্টাৰনেট সেৱা বিকল হোৱাৰ বাবে সাধাৰণ জনতাই জমা টকা উলিয়াবলৈ আহি বিমুখ হৈ ওভতি যাব লগা হৈছে।

স্মৰ্তব্য যে উজনি মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবী আছিল নতুন বজাৰত এটা ৰাষ্ট্ৰীয়কৃত বেংক আৰু এটিএম স্থাপন কৰক চৰকাৰে। কিন্তু উজনি মাজুলীবাসী জনসাধাৰণৰ আবেগ-অনুভূতি, দুখ-দুৰ্দশা আৰু দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰ আৰু জিলা প্ৰশাসনৰ অনিহাৰ বাবেই আজিলৈকে নতুন বজাৰত ৰাষ্ট্ৰীয়কৃত বেংক নাইবা এটিএম স্থাপন নহ’ল। মাজুলীয়ে জিলা স্বীকৃতি পোৱাৰ পিছতে প্ৰথমগৰাকী উপায়ুক্ত পল্লৱ গোপাল ঝাই প্ৰথমবাৰ নতুন বজাৰত এখনি সভাত উপস্থিত হৈ শীঘ্ৰেই নতুন বজাৰত এটিএম স্থাপন কৰাৰ আশ্চাস দিছিল যদিও সেই আশ্চাস আজিলৈকে কাৰ্যকৰী নহ’ল আৰু যাৰ বাবে বছৰ বছৰ ধৰি বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাধাৰণ জনসাধাৰণে দুৰ্ভোগ ভূগিব লগা হৈছে। এই ক্ষেত্ৰত গ্ৰাহকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক উজনি মাজুলীবাসীয়ে দাবী জনাইছে।

Input: ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like