নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহতে ৯.৮৫ লাখ ৰাজহ সংগ্রহ পৰিবহণ বিভাগৰ

যান–বাহনৰ গৰাকীক পছন্দৰ–ফেঞ্চী নম্বৰৰ নিলাম

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ৰ নির্দেশনা অনুসৰি দেশৰ আন আন ৰাজ্য, কেন্দ্রীয়শাসিত অঞ্চলৰ দৰে অসমতো পৰিবহণ বিভাগে নিলামৰ বিনিময়ত যান–বাহনৰ গৰাকী বা গ্রাহকক মনপছন্দৰ আৰু ফেঞ্চী নম্বৰ প্রদান কৰি আহিছে৷ ইয়াৰ বিনিময়ত গ্রাহকৰ পৰা পৰিবহণ বিভাগে বুজন পৰিমাণৰ ৰাজহো সংগ্রহ কৰি আহিছে৷

উল্লেখ্য যে বহু গ্রাহকৰ নিজৰ মনপছন্দৰ এটা নম্বৰ নিজৰ বাহনখনত লগাবলৈ ইচ্ছা বা হাবিয়াস থাকে৷ এই হাবিয়াসৰ প্রতি লক্ষ্য ৰাখি কেইবাবছৰ পূর্বেই কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ৰ নির্দেশনা অনুসৰি অসম চৰকাৰৰ পৰিবহণ বিভাগেও গ্রাহকৰ সুবিধাৰ বাবে ফেঞ্চী বা মনপছন্দৰ নম্বৰ ল’ব পৰা ব্যৱস্থা আৰম্ভ কৰিছিল৷

অৱশ্যে ইয়াৰ বাবে সেই নির্দিষ্ট নম্বৰৰ বিপৰীতে নিলাম কৰা হয়৷ যিজন গ্রাহকে নিলামত অধিক ধন দিব তেওঁকে বিভাগে সেই মনপছন্দৰ নম্বৰ প্রদান কৰিব৷ ইফালে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ পঞ্জীয়ন আৰু অনুজ্ঞাৰ কার্যালয়ে ৭ অক্টোবৰৰ পৰা আজিপর্যন্ত তিনি সপ্তাহত ৪১খন বাহনৰ বিপৰীতে মনপছন্দৰ নম্বৰ গ্রাহকক নিলাম কৰি ৯.৮৫ লাখ টকাৰ ৰাজহ সংগ্রহ কৰিছে৷

জিলা পৰিবহণ বিষয়া কার্যালয়ৰ দায়িত্ববাহী তথা সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে, ইয়াৰ ভিতৰত সর্বাধিক ধন লাভ কৰা নম্বৰটো হৈছে এ এছ–০১ ই এক্স–০০০১ আৰু ইয়াৰ বিপৰীতে লাভ কৰা ৰাজহৰ পৰিমাণ হৈছে ১.৭৫ লাখ টকা৷ এই নম্বৰটো ২২ অক্টোবৰত নিলাম হৈছিল৷ নূ্যনতম ৯ হাজাৰ টকাৰ পৰা নিলাম আৰম্ভ হৈছিল৷ আনহাতে চলিত বর্ষত সর্বাধিক নিলাম হোৱা নম্বৰটো হ’ল এ এছ–০১ ই কিউ–০০০১ আৰু ৬ জানুৱাৰীত এই নম্বৰটোৰ বিপৰীতে লাভ কৰা ধনৰ পৰিমাণ হ’ল ৩.১০ লাখ টকা৷ কামৰূপ মহানগৰ জিলাৰ ইতিহাসত এইপর্যন্ত নিলামৰ বিপৰীতে লাভ কৰা এইটোৱেই হৈছে সর্বোচ্চ ধনৰ পৰিমাণ৷

You might also like