নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত বিজেপিৰ কেন্দ্ৰীয় উপ-সভাপতি তথা অসম ৰাজ্যিক প্ৰভাৰী জয়পাণ্ডা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা অসম ৰাজ্যিক প্ৰভাৰী বিজয়েন্ত জয়পাণ্ডাই চিৰাং জিলা ভ্ৰমণ কৰি দলীয় স্থিতিৰ বুজ লয়। ৰাজ্যিক প্ৰভাৰী জয়পাণ্ডাই জিলাখনৰ অন্তৰ্গত দুই বিধানসভা সমষ্টি ক্ৰমে চিদলী বিধানসভা সমষ্টি আৰু বিজনী বিধানসভা সমষ্টিৰ দলীয় স্থিতি আৰু সাংগঠনিক কাম-কাজৰ বুজ লয়।

 বিজয়েন্ত জয়পাণ্ডাই বিয়লি ৩ বজাত জিলা সদৰস্থিত পৰ্যটন অতিথিশালাত জিলা সমিতিৰ বিষয়ববীয়া আৰু সমষ্টি দুটাৰ দলীয় কৰ্মীৰ সৈতে এক সাংগঠিনক সভাত মিলিত হৈ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ লগতে দলীয় স্থিতি অধিক মজবুত কৰিবলৈ বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়।

সাংগঠনিক সভাৰ অন্তত সংবাদ কৰ্মীৰ প্ৰশ্নৰ উত্তৰত তেওঁ বিটিআৰত ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি পূৰ্বৰ তুলনাত অধিক মজবুত হৈছে বুলি জনায়। ৰাজস্থান, গোৱা, জম্মু-কাশ্মীৰ আদি দেশৰ অন্যান্য ৰাজ্যতো বিজেপি দলৰ স্থিতি মজবুত হৈ আছে বুলি মন্তব্য কৰাৰ উপৰি নেতাজনে অসমত দলটোৰ বিৰুদ্ধে যিমান দল একত্ৰিত নহওক কিয়, বিজেপি প্লাছ, ১০০ প্লাছ নিশ্চিত বুলি দৃঢ়তাৰে কয়।

সাংগঠনিক সভাত ৰাজ্যিক সম্পাদকদ্বয় ক্ৰমে কিশোৰ উপাধ্যায়, সুকুমাৰ বিশ্বাস (চিৰাং জিলা প্ৰভাৰী) আৰু বিজেপি দলৰ চিৰাং জিলা সভাপতি বিপ্লৱ দেৱনাথ উপস্থিত থাকে।

You might also like