অসম চাহ কৰ্মচাৰী সংঘ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত সংঘৰ ৭৫ বছৰীয়া হীৰক জয়ন্তী উদযাপন
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : অসম চাহ কৰ্মচাৰী সংঘ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত সংঘৰ ৭৫ বছৰীয়া হীৰক-জয়ন্তী বৰ্ষ দেওবাৰে মাৰ্ঘেৰিটা চাহ বাগিছাৰ ষ্টাফ ক্লাৱৰ প্ৰাংগণত দিনযোৰা বিস্তিত কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। পুৱা সংঘৰ পতাকা উওোলন কৰে শাখাৰ সভাপতি মন্টু কাকতীয়ে আৰু ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ পতকা উওোলন কৰে উপসভাপতি অজয় বৰপুজাৰীয়ে, স্মৃতি তৰ্পন কৰে মাৰ্ঘেৰিটা শাখাৰ সম্পাদক চুচেন শইকীয়াই। সমবেত সংগীতৰ পাছতেই মুকলি সভা অনুষ্ঠিত হয়। শাখাৰ সহ সম্পাদক পূৰ্ণ বৰুৱাই আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সাধাৰন সম্পাদক ঋষভ কলিতা, এই সমাৰোহত প্ৰাক্তন চাহ কৰ্মচাৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শাখাৰ অধীনৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱৰ লগতে যুৱ সাংবাদিক মানস প্ৰতিম গগৈ আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপ সভাপতি সমিৰণ বৰঠাকুৰক সম্বৰ্ধনা জনায়।
মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা