ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অসমী ভোগালী মেলা
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী জিলা অভিযান পৰিচালনা শাখাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে অসমী ভোগালী মেলা-২০২৩৷ ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথে আজি তিনিদিনীয়া এই মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি আত্মসহায়ক গোটৰ মহিলাসকলক কেইটামান নিৰ্দিষ্ট কামতে নিজক আৱদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে নতুন নতুন কাৰ্যত জড়িত হ’বলৈ আহ্বান জনায়৷ ১৩ জানুৱাৰীলৈকে চলিবলগীয়া অসমী ভোগালী মেলাৰ আজিৰ উদ্বোধনী অনুষ্ঠানত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল প্ৰমুখ্যে কেইবাগৰাকী বিষয়া উপস্থিত আছিল৷ উল্লেখ্য যে প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ সৰ্বসাধাৰণৰ বাবে খোলা থাকিবলগীয়া এই মেলাখনৰ মুঠ ৩০খন বিপণীত আত্মসহায়ক গোটসমূহে বনোৱা পিঠা-পনাকে ধৰি বিভিন্ন থলুৱা খাদ্য সামগ্ৰী, হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰী আদি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে৷
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী