এএছআৰএলএমৰ তিনিচুকীয়া শাখাৰ উদ্যোগত অসমী ভোগালী মেলা
বিশেষ বাৰ্তা, ১১ জানুৱাৰী : তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান তিনিচুকীয়া শাখাৰ উদ্যোগত আগন্তক ভোগালী বিহু উপলক্ষে তিনিচুকীয়া থানা চাৰিআলিৰ ডাক বাংলো প্ৰাংগণত আজিৰে পৰা ১৩ জানুৱাৰী লৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অসমী ভোগালী মেলাৰ শুভউদ্বোধন কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈয়ে। এই উদ্বোধনী অনুষ্ঠানত জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান তিনিচুকীয়াৰ জিলা প্ৰকল্প বিষয়া মনজিৎ গগৈ প্ৰমুখ্যে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান তিনিচুকীয়া শাখাৰ অন্যান্য বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, আজিৰে পৰা আৰম্ভ হোৱা অসমী ভোগালী মেলাত তিনিচুকীয়া জিলাৰ ৭ টা উন্নয়ন খণ্ডৰ ১৮ টা আত্মসহায়ক গোট, ৬ টা মণ্ডল পৰ্য্যায়ৰ সংগঠন আৰু ১টা উৎপাদক গোটে অংশগ্ৰহণ কৰিছে। অসমী ভোগালী মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সাজপোছাক, হস্তনিৰ্মিত সামগ্ৰী, থলুৱা খাদ্য সম্ভাৰ আৰু পিঠা-পনা আদি উপলব্ধ হ’ব।
প্ৰেৰক বিবেক বড়া