উত্তৰ গুৱাহাটীৰ ঐতিহাসিক স্থান, গৌৰৱোজ্জল সম্পদ সমূহৰ চিত্ৰ সম্বলিত অসমীয়া কেলেণ্ডাৰ উন্মোচন
- নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ প্ৰশংসনীয় প্ৰদক্ষেপ।
নিয়মীয়া বাৰ্তা, ৫ মে’: “উত্তৰ গুৱাহাটীৰ লগতে কামৰূপ জিলাৰ ঐতিহাসিক স্থানসমূহ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষাপ্ৰতিষ্ঠান আৰু সম্পদ সমূহৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিবলৈ সাংবাদিকসকলে পদক্ষেপ গ্ৰহণ কৰা উচিত।”-এনেদৰে আহ্বান জনায় মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে।
আজি আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলোৰ সভাগৃহত অনুষ্ঠিত নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামে উত্তৰ গুৱাহাটীৰ ইতিহাসপ্ৰসিদ্ধ ঐতিহাসিক স্থান, ঐতিহাসিক শিক্ষা প্ৰতিষ্ঠান আৰু গৌৰৱোজ্জল সম্পদ সমূহৰ ফটো সম্বলিত এখন অসমীয়া নৱবৰ্ষৰ কেলেণ্ডাৰ উন্মোচন কৰি চৌধুৰীয়ে এই আহ্বান জনায়। লগতে তেওঁ কয় যে উত্তৰ গুৱাহাটীকেধৰি সমগ্ৰ জালুকবাৰী সমষ্টিত অসংখ্য ঐতিহাসিক সম্পদ আছে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত কেইবাটাও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শিক্ষা প্ৰতিষ্ঠানৰ লগতে বিভিন্ন অনুষ্ঠানৰ জন্ম দিছে। এই সম্পদসমূহ কেলেণ্ডাৰ অথবা গ্ৰন্থৰ জৰিয়তে নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামে প্ৰচাৰ আৰু প্ৰসাৰ চলোৱাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে।
কেলেণ্ডাৰ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰে ফ’ৰামৰ মুখ্য উপদেষ্টা বাণীকান্ত চক্ৰৱৰ্ত্তীয়ে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া কেলেণ্ডাৰৰ জনসমাজৰ এক বিশেষ গুৰুত্ব থকা বুলি উল্লেখ কৰে। বিশেষকৈ অসমীয়াৰ ধাৰ্মিক ৰীতিনীতি সম্বলিত কেলেণ্ডাৰ এখন প্ৰতিটো পৰিয়ালৰ বাবে প্ৰয়োজনীয় বুলি কয়। নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ সম্পাদক কৌশিক দাসে উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ নাথ তালুকদাৰে। তালুকদাৰে উত্তৰ গুৱাহাটীৰ ঐতিহাসিকস্থান সমূহৰ লগতে ইয়াৰ সৈতে জড়িত বিভিন্ন যুদ্ধ বিগ্ৰহ আৰু লাচিত বৰফুকনৰ শৌৰ্যবিৰ্যৰ বিষয়ে বক্তব্য আগবঢ়ায়। নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ সহযোগী সম্পাদক উৎপল ৰঞ্জন মেধীয়ে আঁত ধৰা অনুষ্ঠানত কামৰূপ জিলাৰ অবিচি বৰ্ডৰ উপাধ্যক্ষ জয়ন্ত কুমাৰ নাথ, আমিনগাওঁ শাখা সাহিত্য সভাৰ সভাপতি ৰবীন্দ্ৰ নাথ দাস, শৰাইঘাট নাট্য গোষ্ঠীৰ সভাপতি শৰৎ শৰ্মা, ফ’ৰামৰ সভাপতি ৰঞ্জন দত্ত, জ্যেষ্ঠ সাংবাদিক মুনিন ডেকা, দ্বীপেন বায়ন, গোবিন্দ দাস, লক্ষী ডেকা, মৃদুল প্ৰতীম ডেকা, ফ’ৰামৰ সহকাৰী সম্পাদক নিতুপম মেধীৰ লগতে বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ঐতিহাসিক স্থান সমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ফ’ৰামৰ ৰাজকমল চাংকাকতিয়ে।