নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মপুৰৰ বগুৰীহাটী বাসন্তী পূজাত উপস্থিত হৈ সেৱা ললে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ পশ্চিম নলবাৰী অঞ্চলৰ অন্যতম ধর্মানুষ্ঠান বগুৰীহাটী ঐতিহ্যমণ্ডিত বগুৰিহাটী বাৰোৱাৰী পুৰণি শ্ৰীশ্ৰী বাসন্তী দেৱী পূজাৰ মহাৰজত জয়ন্তীৰ আজি মহা দশমী পূজাৰ দিনা উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- এই পূজাক কেন্দ্ৰ কৰি আমাৰ গাওঁৰ ৰাইজ একত্ৰিত হৈ আৰ্থ সামাজিক প্ৰগতিত আগবঢ়াব। সনাতন হিন্দু ধৰ্মত এই কাৰণে পূজা পালনৰ জৰিয়তে আমাৰ মাজত পাৰ্থক্য নাইকিয়া হয়। উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী মন্দিৰৰ বাবে ৫০ লাখ টকাৰ অনুদান আৰু শিবমন্দিৰৰ বাবে ১০লাখ টকাৰ অনুদান আগবঢ়ায়। লগতে  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে কেইবাটাও অভিলাষী আঁচনি সম্পৰ্কে ঘোষণা কৰে। ‘অৰুণোদয়’ আঁচনিত পুনৰ ৮ লাখকৈ নতুন হিতাধিকাৰী অন্তৰ্ভূক্তিৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীজনে কয়, “এতিয়ালৈ নোপোৱা সকলো আই-মাতৃয়ে অৰুণোদয় পাব। মাত্ৰ ৰে’লত উঠোতে আগ-পিছ হোৱাৰ দৰে আগ-পিছকৈ পাব পাৰে; কিন্তু সকলোৱেই পাব।” আত্মসহায়ক গোটৰ সদস্যাসকলক লৈও আন এটা অভিলাষী  আচনি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সম্প্ৰতি গোটৰ বিপৰীতে আৰ্থিক সাহায্য প্ৰদান কৰা হৈ আছে যদিও আগতে গ্রুপৰ জৰিয়তে দিছিল এইবাৰ আত্ম সহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক ব্যক্তিগত বেংক একাউণ্টত ধন দিয়া হ’ব বুলি উল্লেখ কৰি ঘৰতে কিবা কৰিব পৰাৰ উদ্দেশ্যে এনে ব্যৱস্থা লোৱা হ’ব বুলি ড° শৰ্মাই কয়। আনহাতে, ৰেচন কাৰ্ড থকা সকলো লোকে এতিয়াৰে পৰা বছৰি পাঁচ লাখ টকাপৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সেৱাও লাভ কৰিব বুলি আজি বগুৰিহাটীতে মুখ্যমন্ত্ৰীজনে ঘোষণা কৰে। তেওঁ অহা ১০ মে’ৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ’ব বুলিও উল্লেখ কৰে।কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱাৰ লগতে দলীয় কর্মকর্তাসকলে ৷
প্ৰেৰক তপন কুমাৰ শর্মা
You might also like