নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ৪ জুলাই : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী অতুল বৰাই আজি মৰিগাঁৱত উপস্থিত হৈ জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয়। তেওঁ পুৱাৰ ভাগতেই মৰিগাঁও আৱৰ্ত ভৱনত জিলা আয়ুক্ত তথা জিলা প্ৰশাসনৰ আন বিষয়াসকলৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। পৰ্যালোচনাকালত মন্ত্ৰীগৰাকীক জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ বৰ্তমানৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে অৱগত কৰায়। মন্ত্ৰী বৰাই মৰিগাঁও জিলাতো বানপানীৰ জোৰা মৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত দিয়া নিৰ্দেশসমূহ পালন কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। তেওঁ বিশেষভাৱে অহা ১৫ আগষ্টৰ পূৰ্বে বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে যাতে জনসাধাৰণে সহায়-সাহায্যসমূহ লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে। পৰ্যালোচনাকালত মন্ত্ৰীগৰাকীয়ে জিলাখনত বানপীড়িত লোকসকলে সঠিকভাৱে বান সাহায্য লাভ কৰিছেনে নাই এই সন্দৰ্ভত বিতংভাৱে বুজ লয়। তেওঁ বানপীড়িত লোকসকলক সময়মতে সাহায্য প্ৰদানত কোনোধৰণৰ হেমাহি নকৰিবলৈও নিৰ্দেশ দিয়ে। লগতে সংশ্লিষ্ট প্ৰতিটো বিভাগক এই সময়ছোৱাত সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে যাতে বান ক্ষতিগ্ৰস্ত লোকসকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। তেওঁ লগতে কৃষিভূমিত হোৱা ক্ষয়-ক্ষতি, পশুখাদ্য যোগান আৰু পশু চিকিৎসা আদিৰো পৰ্যালোচনা কৰে। পিছত তেওঁ সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ বৰডুবাটোপৰ ৰথখোলাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মথাউৰিৰ ওপৰতে আশ্ৰয় লৈ থকা বান ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ বানপীড়িত লোকসকলৰ সাহায্য, খোৱাপানী, অনাময়, চিকিৎসা আদিৰ সঠিক ব্যৱস্থা, পশুধনৰ ঔষধ, টীকাকৰণ, চিকিৎসা আদিৰ সবিশেষ বুজ লয়। তেওঁ বানপীড়িত লোকসকলক চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। উল্লেখ্য যে মৰিগাঁও জিলাত সাম্প্ৰতিক বানত ভূৰাগাঁও, লাহৰীঘাট আৰু মায়ং ৰাজহ চক্ৰৰ ১৯৪খন গাঁও প্লাৱিত হৈছে। তিনিওটা ৰাজহ চক্ৰৰ ৫৫ হাজাৰৰো অধিক লোক আৰু প্ৰায় ৬৬ হাজাৰ পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে। সাম্প্ৰতিক বানত প্ৰায় ১৩ হাজাৰ হেক্টৰ কৃষিভূমি জলমগ্ন হৈছে। ভূৰাগাঁও ৰাজহ চক্ৰত ১০টা আৰু লাহৰীঘাট ৰাজহ চক্ৰত দুটা মুঠ ১২টা সাহায্য কেন্দ্ৰ স্থাপন কৰি সাহায্য প্ৰদান কৰি থকা হৈছে। এছ ডি আৰ এফ, আৰক্ষী, প্ৰশাসন আৰু স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰ অভিযানৰ বাবে ৩৭খন নাও ব্যৱহাৰ কৰা হৈছে আৰু ৭ টা চিকিৎসা দলে অহৰহ সেৱা আগবঢ়াই আছে।

প্ৰেৰক আবুল কালাম

You might also like