হাইক’ৰ্টত ওলমিল অতুল বৰা–কেশৱ মহন্তৰ ভাগ্য
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আঞ্চলিক দল অসম গণ পৰিষদ (অগপ)ৰ সভাপতি আৰু কার্যকৰী সভাপতি হিচাপে ক্রমে অতুল বৰা আৰু কেশৱ মহন্তক নির্বাচিত কৰা প্রক্রিয়া সোমাই পৰিছে আইনী মেৰপেঁচত৷ এই সমগ্র বিষয়টো এইবাৰ উত্থাপিত হৈছে উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ আজি এই গোচৰটোৰ শুনানিৰ বাবে তালিকাভুক্ত হৈ আহে যদিও গুচৰীয়া পক্ষৰ অধিবক্তাই সময় বিচৰাত অহা ৮ জানুৱাৰীত পৰৱর্তী শুনানিৰ বাবে দিন ধার্য কৰা হয়৷
উল্লেখনীয় যে যোৱা ২৭ আগষ্টত অগপৰ কেন্দ্রীয় সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকতে অতুল বৰাক সভাপতি আৰু কেশৱ মহন্তক কার্যকৰী সভাপতি হিচাপে নির্বাচিত কৰা হৈছিল৷ কিন্তু নীতি–বহির্ভূতভাৱে এই সাধাৰণ সভা অনুষ্ঠিত কৰা বুলি নিম্ন আদালতত এটা গোচৰ ৰুজু কৰিছিল জিতেন ডেকা নামৰ এগৰাকী ব্যক্তিয়ে৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি আদালতে এদিন পূর্বে সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত নকৰিবলৈ নির্দেশ দিয়ে৷ কিন্তু আদালতৰ নির্দেশ লাভ নকৰাৰ অজুহাততে সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয়৷ যাৰ বাবে অসম গণ পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে আদালত অৱমাননা গোচৰ ৰুজু হয়৷
অৱশ্যে এই গোচৰটোত অগপ নেতৃত্বই সকাহ লাভ কৰে৷ আদালতে পূর্বে দিয়া স্থগিতাদেশ প্রত্যাহাৰ কৰে৷ কিন্তু শেহতীয়াকৈ পুনৰ নিম্ন আদালতৰ এই নির্দেশক প্রত্যাহ্বান জনাই জিতেন ডেকাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ১৩০/২০২০ নং চিভিল ৰিভিজন পিটিচন দাখিল কৰে৷ এই গোচৰটোৰেই আজি শুনানিৰ বাবে তালিকাভুক্ত হৈ আহে৷ ইয়াৰ লগে লগে পুনৰ অতুল বৰা আৰু কেশৱ মহন্তৰ ভাগ্য ওলমি ৰৈছে উচ্চ ন্যায়ালয়ৰ মজিয়াত৷