নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোটিটকীয়া বিয়াগোম কেলেংকাৰিয়ে কঁপাইছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰঃ ৰাজ্য কঁপাই যোৱা কাছাৰ উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদতকৈ অতি ভয়ংকৰ কেলেংকাৰি সংঘটিত হৈছে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আজি সংবাদ মেলৰ জৰিয়তে এনে ভয়ংকৰ অভিযোগ কৰিছে। কেৱল সিমানেই নহয়,সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰীক জাতিদ্ৰোহী আখ্যা দি  শীঘ্ৰে গ্ৰেপ্তাৰ দাবী উত্থাপন কৰি আজি সংবাদ মেল সম্বোধন কৰে সংগঠনটোৱে। উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ এহাজাৰ কোটি টকীয়া বৃহৎ কেলেংকাৰীতকৈও অধিক কোটি টকাৰ কেলেংকাৰীয়ে এতিয়া কঁপাইছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আভ্যন্তৰিণ মহল। সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী আৰু সাধাৰণ সম্পাদক বুধিন সোণোৱালে সংবাদ মেলত কৰা গুৰুতৰ অভিযোগ অনুসৰি বৃহৎ বিত্তীয় কেলেংকাৰী কৰি সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ধনৰে অবাধ সম্পতি পাহাৰ গঢ়িলে পূৰ্বৰ মূখ্য কাৰ্য্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰীয়ে।সংবাদ মেলত সম্বোধন কৰি সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাই কয় যে বহু কোটি টকা বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাই পৰা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী দিপুৰঞ্জন মাক্ৰাৰীক পৰিষদৰ মুখ্য কাৰ্যবাহী পদৰ পৰা অপসাৰিত কৰি তদন্ত অব্যাহত ৰাখিছে যদিও শামুকীয়া গতিৰে চলিছে তদন্ত। মাক্ৰাৰীৰ বিৰুদ্ধে চিআইডিৰ অনুসন্ধানত পোহৰলৈ অহা ৩৬২ কোটি টকাৰ বিত্তীয় কেলেংকাৰীয়েই নহয়, এক হাজাৰ কোটিৰো অধিক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য সদৰি কৰিছে সোনোৱাল কছাৰী ছাত্ৰ সন্থাই । Tender no: SKAC / 77 / NIQ / 2022- 21/88/69 Dated- 02/01/2022 অটল জ্যোতি যোজনা অধিনত ১৯২০ কোটি টকাৰ এটি বৃহৎ কেলেংকৰী তথ্য আজি সাংবাদ মেলত উত্থাপন কৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৱণ্টিত পুঁজি বুলি ভুৱা প্ৰচাৰ আৰু প্ৰৰোচনাৰে সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে সংঘটিত কৰিছিল অপৰিসীম দুৰ্নীতি।এক বৃহৎ বিত্তীয় কেলেংকাৰীৰ তদন্ত প্রক্রিয়া ইমান লেহেমীয়া কিয় বুলিও সজোৰে  প্ৰশ্ন কৰে সংগঠনটোৱে।বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰিবলৈ একাধিক বিভাগ থকাৰ পিছতো কেৱল চিআইডি ৰ তদন্ততে অভিযান সামৰি, শাসকীয় দলৰ ব্যক্তি হোৱাৰ বাবেই অভিযুক্ত দীপুৰঞ্জন মাক্ৰাৰীক সুৰক্ষা দিয়াৰ অভিসন্ধি, চৰকাৰখনে কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে।এই বৃহৎ কেলেংকাৰী তদন্ত চিবিআই, ইডি লৈ হস্তান্তৰ কৰিবলৈ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। দীপুৰঞ্জন মাক্ৰাৰীৰ প্ৰত্যক্ষ তত্বাৱধানত সংঘটিত এই কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত পৰিষদৰ প্ৰধান সচিব গৰাকীৰ এজাহাৰ ভিত্তিত পঞ্জীয়নভুক্ত হোৱা গোচৰ নং ১২৩/২০২২, ৰ অগ্ৰগতি নোহোৱাৰো অভিযোগ তুলিছে সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থাই।উল্লেখ্য যে ভুৱা নিবিদা আহ্বান আৰু কামৰ আৱণ্টন পত্ৰসমূহত তদানীন্তন উপমুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল আৰু প্ৰধান সচিব ৰীণা মেচৰ স্বাক্ষৰ জাল কৰি যোগানকাৰীসকলক ভুৱা যোগান নিৰ্দেশনা পত্ৰ প্ৰদান কৰা বুলি তথ্য সহকাৰে এগৰাকী এচিএচ বিষয়া তথা অতিৰিক্ত উপায়ুক্ত  ৰীণা মেচে (পৰিষদৰ প্ৰধান সচিব হিচাপে) তৰা এই গোচৰটোৱে পাবলগীয়া গুৰুত্ব পোৱা নাই বুলিও মন্তব্য কৰে ছাত্ৰ সংগঠনটোৱে।কেলেংকাৰীটোৰ সৈতে জড়িত থকাৰ সন্দেহজনক ব্যক্তি ভাস্কৰ আৰু দীপুৰঞ্জন মাক্ৰাৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা ন’ডেল বিষয়া গৰাকীৰ প্ৰকৃত পৰিচয় সন্দৰ্ভতো প্ৰশ্ন তোলে সংগঠনটোৱে।ছাত্ৰ সংগঠনটোৱে প্ৰশ্ন কৰে যে দীপুৰঞ্জন মাক্ৰাৰীয়ে কি যুক্তি আৰু এক্তিয়াৰত তেওঁলোকক নিযুক্তি দিছিল? এই বিষয়টোও অসম চৰকাৰৰ WPT/BC বিভাগে ৰাজহুৱাকৈ পৰিস্কাৰ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবত অনুষ্ঠিত সংবাদ মেলত সদৌ অসম সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সভাপতি ৰতন কছাৰী আৰু সাধাৰণ সম্পাদক বুধিন সোনোৱালসহ অন্যান্য সকল উপস্থিত থাকি পৰিষদৰ দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি উচিত তদন্ত আৰু দুৰ্নীতিগ্ৰস্ত দীপুৰঞ্জন মাক্ৰাৰী বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে সোনোৱাল কছাৰী ছাত্র সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিব বুলি সকীয়নি দিয়ে।

প্ৰেৰক বিভাস দুৱৰা

You might also like