নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেছ দিৱসত বিন্ধাকটাত খহনীয়াগ্ৰস্তৰে মত বিনিময় ডিব্ৰুগড় প্ৰেছ ক্লাবৰ 

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰঃ ভয়াৱহ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হ’ল ডিব্ৰুগড়ৰ সাংবাদিকৰ দল। জাতীয় প্ৰেছ দিৱস উপলক্ষে আজি ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত ক্ষতিগ্ৰস্ত ৰাইজৰ অভাৱ-অভিযোগ তথা সমস্যাৰ বুজ লয় সাংবাদিকৰ দলটো। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান বৃহত্তৰ বিন্ধাকটা অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ ভয়াৱহ গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। দীৰ্ঘদিনৰ পৰা হৈ থকা এই খহনীয়াৰ ফলত জাহ গৈছে কৃষিজীৱী ৰাইজৰ বিঘাই বিঘাই কৃষিভূমি। বিন্ধাকটা সুৰক্ষা সমিতি বিন্ধাকটা, ৰংমলা, ৰাইডাং, পুখুৰীজান, বালিজানৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত জাতীয় প্ৰেছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক অনিল কুমাৰ পোদ্দাৰে। ক্লাৱৰ উপদেষ্টা শৰৎ চন্দ্ৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাংবাদিকৰ দলটোৱে ৰাইজৰ সৈতে মত বিনিময় কৰে সাংবাদিকৰ দলটোৱে। ছিয়াং আৰু ডিবাঙৰ সুঁতি সলনি হোৱাৰ ফলত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ খহনীয়াই। চপৰা-চপৰে হৈ থকা খহনীয়াৰ বাবে অনিদ্ৰাত দিন কটাবলগীয়া হৈছে স্থানীয় নৈপৰীয়া। ইফালে ঐতিহাসিক তামুলী পথৰ পৰা খহনীয়াগ্ৰস্ত এলেকালৈ দূৰত্ব মাত্ৰ ৫০০ মিটাৰ দূৰত্বত অৱস্থান কৰিছে। অতি শীঘ্ৰে অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে বৃহত্তৰ বিন্ধাকটা অঞ্চললৈ ভাবুকি কঢ়িয়াই অনাৰ সম্ভৱনা বৃদ্ধি পাইছে। স্থানীয় লোকসকলে জানিবলৈ দিয়ামতে, ইতিমধ্যে অঞ্চলটোৰ গৰাখহনীয়া পৰিদৰ্শন কৰি শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰা হৈছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। সেইদৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বৃহত্তৰ অঞ্চলটোৰ গৰাখহনীয়া পৰিদৰ্শন কৰিছিল। শেহতীয়াকৈ জলসম্পদ বিভাগে মেগা জিঅ’বেগেৰে প্ৰাথমিক গৰাখহনীয়া প্ৰতিৰোধৰ কাম ১৬ অক্টোবৰৰ পৰা অব্যাহত ৰাখিছে। ইফালে স্থানীয় লোকে ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ গৰাখহনীয়া স্থায়ী আৰু বিজ্ঞানসন্মত ব্যৱস্থাৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। আনহাতে অতি শীঘ্ৰে অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱে দাবী জনাইছে। উল্লেখযোগ্য যে, এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰণ দুৱৰা, মৃদুল শৰ্মা, লক্ষীকান্ত মজুমদাৰ বৰুৱা, ক্লাৱৰ উপ-সভাপতি মানসজ্যোতি দত্ত, গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ সভাপতি শ্যামল দাস, উপ-সভানেত্ৰী কল্পনা শইকীয়া, উপদেষ্টা হেমসিং সুৰজ, আটছাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক লাজাৰ নন্দ, অসম ৰাজ্যিক যুৱ আয়োগৰ সদস্য প্ৰমোদ ভেংৰা, অসম যুৱ পৰিষদৰ চাবুৱা সমষ্টি সমিতিৰ সভাপতি নৰেশ বৰা, স্থানীয় সমাজসেৱক বিপুল, সঞ্জীৱ সিং, আটছাৰ চাবুৱা শাখা সমিতিৰ সভাপতি বিকাশ ৰাও আদিকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়াই উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like