নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ সম্পৰ্কত বঙাইগাঁও কলেজত সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ বঙাইগাঁও নিৰ্বাচনী জিলাত ফটোযুক্ত ভোটাৰ তালিকাত যুৱক-যুৱতীসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ সম্পৰ্কত বিশেষ অভিযান আৰম্ভ কৰা হৈছে।এই উপলক্ষে আজি বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষা ড:ৰূপাঞ্জলী দেৱীকে ধৰি আন কেইবাগৰাকী অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী কাৰ্যালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয়। যিসকল যুৱক-যুৱতীৰ ইতিমধ্যে ১৮ বছৰ বয়স হৈছে অথবা অহা ১জানুৱাৰীত ১৮বছৰ সম্পূৰ্ণ হ’ব তেওঁলোকক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ এই সজাগতা অভিযান আয়োজন কৰা হৈছে। এই সজাগতা কাৰ্যসূচী Special Summery Revision of Photo Electoral Roll 2022 অথবা ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী,২০২২ ৰ অংশ হিচাপে অনুষ্ঠিত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল বা ভৱিষ্যতৰ ভোটাৰসকলক NVSP portal বা Voter Helpline app.ৰ বিষয়েও আজি অৱগত কৰা হয় আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ব্যাখ্যা কৰা হয়। অহা ১৩, ১৪, ২১ আৰু ২৭ নৱেম্বৰত অনুৰূপ সজাগতা কাৰ্যসূচী জিলাখনত অনুষ্ঠিত কৰা হ’ব বুলি জানিব দিছে৷

বঙাইগাঁৱৰ জিলা নিৰ্বাচনী বিষয়াই ইতিমধ্যে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱা বা অহা ১জানুৱাৰী যিসকলৰ ১৮ বছৰ সম্পূৰ্ণ হ’ব সেইসকল যুৱক-যুৱতীক ৩০ নৱেম্বৰৰ ভিতৰত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে।

You might also like