লখিমপুৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত বাধাকৰাৰ হৰিদাসপুৰত সজাগতামূলক অনুশীলন
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বাধাকৰাৰ হৰিদাসপুৰত দুৰ্যোগ প্ৰশমনৰ এক সজাগতামূলক অনুশীলন সম্পন্ন কৰে। লখিমপুৰ জিলা প্ৰশাসনৰ নিমন্ত্ৰণ মৰ্মে অৰুণাচলৰ 12BN NDRF দলৰ লগতে চিকিৎসা বিভাগ, আৰক্ষী আৰু গাঁওবুঢ়া সকলৰ এই যৌথ কাৰ্যসূচীত দুৰ্যোগৰ সময়ত লবলগীয়া ভূমিকাৰ বিষয়ে ক্ৰিয়াত্মক প্ৰদৰ্শণ কৰে।
এনডিআৰএফৰ ২৫ জনীয়া ডুবাৰু দলে সোৱনশিৰি নদীত প্ৰদৰ্শনিমুলক অনুশীলন চলাই বিশেষকৈ বানপানীৰ সময়ত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ বা নদীৰ পানীত ডুব যোৱা, জীৱিত অথবা অৰ্ধমৃত দেহ উঠাই অনা, চিকিৎসকে তেনে ব্যক্তিৰ প্ৰাণ ঘুৰাই আনিবলৈ কেনেদৰে চেষ্টা কৰে, তাৰ হুবহু বিস্তৃত ভাৱে প্ৰদৰ্শণ কৰে।
12BN NDRFৰ ডেপুটি কামাণ্ডাৰ আৰ এন সিঙৰ নেতৃত্বত চলা আজিৰ বগীনদী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ ভূপেন শইকীয়া আৰু মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডঃ মণ্টি ফুকনৰ নেতৃত্বৰ এদল চিকিৎসাকৰ্মী, কদম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী, বগীনদী আৰক্ষী, গাওঁবুঢ়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
প্ৰেৰক: ভূবন গৌতম